নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়কে প্ৰদান কৰা এম্বুলেঞ্চ অন্তৰ্ধান, বঞ্চিত চেঙাৰ চৰাঞ্চলবাসী

ৰাজ্যৰ প্ৰতিজন নাগৰিকক চৰকাৰে বিনামূলীয়া চৰকাৰী স্বাস্থ্য সেৱা সুনিশ্চিত কৰিবলৈ বহু অভিলাষী আঁচনি গ্ৰহন কৰাৰ পাছতো বহু প্ৰান্তত আজিও লাভ কৰা নাই এম্বুলেঞ্চ সেৱাৰ সুবিধা। চহৰ আৰু নগৰাঞ্চলৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰ সমূহত এম্বুলেঞ্চ সেৱা উপলব্ধ হলেও গ্ৰামাঞ্চলৰ অধিকাংশ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাই এম্বুলেঞ্চ সেৱাৰ সুবিধা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা ৰাজ্যিক চিকিৎসালয়তো নাই এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা। স্থানীয় লোকে জনোৱা মতে ২০২১ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ আশ্ৰাফুল হুছেইনে কাছুমাৰা ৰাজ্যিক চিকিৎসালয়ত এখন এম্বুলেঞ্চ প্ৰদান কৰি অঞ্চলবাসীৰ স্বাস্থ্য সেৱাৰ লগতে বিশেষকৈ গৰ্ভৱতী আৰু প্ৰসূতি সকলৰ নিৰাপদ চিকিৎসা প্ৰদান সুনিশ্চিত কৰাৰ কথা ঘোষণা কৰিলেও কিছুদিন পিছতে সেয়া ভেকোঁভাওনাত পৰিণত হয়।

জানিব পৰা মতে ২০২১ চনৰ ৭ নৱেম্বৰত বিধায়ক আশ্ৰাফুল হুছেইনে আড়ম্বৰপূৰ্ণভাৱে ফ্লেগঅফ কৰি এম্বুলেঞ্চখন প্ৰদান কৰাৰ মাত্ৰ দুই/তিনি মাহ পাছতে কাছুমাৰা ৰাজ্যিক চিকিৎসালয়ৰ পৰা এম্বুলেঞ্চখন নোহোৱা হৈ যায়। বিধায়কে প্ৰদান কৰা এম্বুলেঞ্চখন কোনে ক’ত লৈ গল সেয়া আজিও অঞ্চলবাসী অৱগত নহয়।

স্থানীয় লোকে দাবী কৰা মতে বিধায়ক হিচাপে নিৰ্বাচিত হৈয়েই কেৱল চমক সৃষ্টিৰ বাবেই কাছুমাৰা ৰাজ্যিক চিকিৎসালয়ত এম্বুলেঞ্চ প্ৰদান কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত স্বাস্থ্য বিভাগে এম্বুলেঞ্চখন আতৰাই নিয়ে । কাছুমাৰা আৰু ম’হচৰা গাঁও পঞ্চায়তৰ প্ৰায় অৰ্ধলক্ষাধিক লোকৰ বাবে কাছুমাৰা ৰাজ্যিক চিকিৎসালয়খনেই চিকিৎসাৰ অন্যতম চৰকাৰী চিকিৎসালয় যদিও চিকিৎসালয়খনত এম্বুলেঞ্চৰ সুবিধা নথকাত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাইজে।

বৃহত্তৰ অঞ্চলটোত এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা নথকাৰ ফলত প্ৰায়েই গৰ্ভৱতী, প্ৰসূতিক লৈ বিপদৰ সন্মুখীন হব লগীয়া হয় পৰিয়ালৰ লোকসকল। এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা নথকাৰ বাবেই অঞ্চলবাসীয়ে সাঙি, ঠেলা আৰু ঘোঁৰাগাড়ীৰে চিকিৎসালয়লৈ ৰোগী কঢ়িয়াই নিব লগীয়া হয়। এনে পৰিস্থিতিত আদবাটতে অনাকাংক্ষিতভাৱে মৃত্যুক সাৱটি লব লগীয়া বহু ৰোগী আনকি ৰাজ পথতে সন্তান প্ৰসৱ কৰিবলগীয়া হয়।

আনহাতে সমষ্টিটোৰ খোলাবান্ধা স্বাস্থ্য কেন্দ্ৰতো অনুৰূপ অৱস্থা। বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয়খনতো নাই এম্বুলেঞ্চ সেৱাৰ গাড়ী। যাৰ বাবে বিভিন্ন সময়ত ৰোগী, গৰ্ভৱতী আৰু প্ৰসূতিক লৈ বিপদৰ সন্মুখীন হব লগীয়া হয় অঞ্চলবাসী। শীঘ্ৰে কাছুমাৰা ৰাজ্যিক চিকিৎসালয় আৰু খোলাবান্ধা স্বাস্থ্য কেন্দ্ৰত এম্বুলেঞ্চ সেৱা সুনিশ্চিত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী, স্থানীয় বিধায়কৰ লগতে জিলা আয়ুক্তক দাবী জনাইছে ৰাইজে।

নিয়মীয়া বাৰ্তা, কাছুমাৰা, ১৯ ছেপ্টেম্বৰ

You might also like