নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য’তেই থাকা কুশলে থাকিবা জুবিন, শোকাহত মুখ্যমন্ত্ৰী

এক অনাকাংক্ষিত বাতৰিত আজি স্তব্ধ হৈ পৰিল অসম। যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এই বাতৰিয়ে সকলোকে স্তব্ধ কৰিলে। জুবিনৰ মৃত্যুত শোকাহত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ সামাজিক মাধ্যমত লিখিছে-

এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…

আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপাৰগ, কি সতে শোকাবাৰ্তা দিওঁ! বুকুখন কঁপিছে, জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগা-ডেৱা কৰিছে৷ প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল কল্পনাতীত৷ সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো! হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন৷

য’তেই থাকা কুশলে থাকিবা জুবিন

You might also like