নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত সৰ্বত্ৰ শোকস্তব্ধ

ড০ মাধুর্য্যমণ্ডিত বৰুৱা

লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া মানুহত আধুনিক মনস্কতাৰ বীজ ৰোপণ কৰিছিল, জ্যোতিপ্রসাদ আগৰৱালাহ সেই বীজত শিল্প–সংগীতৰ অমলিন ফুল ফুলালে আৰু বিষুপ্রসাদ ৰাভাই জাতীয় সত্তাক শিলৰ প্রতিমূর্তিত গঢ়ি নিগাজি কৰি গ’ল৷ সেই পথেৰেই পাৰ হৈ ভূপেন হাজৰিকাই সংগীত আৰু মানৱিকতাক একত্রিত কৰি অসমক বিশ্বমঞ্চত প্রতিষ্ঠা কৰিছিল৷ কিন্তু তেওঁৰ পিছত যিজনৰ উপস্থিতিয়ে সমগ্র জাতিৰ জীৱন–চেতনা আৱৰি ল’লে, তেওঁয়েই হ’ল জুবিন গার্গ৷

বিংশ শতিকাত বহুকেইগৰাকী দ্বিগ্গজে বৌদ্ধিক দীপ্তি আৰু সাংস্কৃতিক উজ্জ্বলতাৰে অসমৰ বিভিন্ন দিশত সাফল্যৰ গাথা প্রতিষ্ঠা কৰিছিল৷ একবিংশ শতিকাত সেই ভূমিকাত এককীৰূপে প্রৱেশ কৰা ব্যক্তিগৰাকী হৈছে জুবিন গার্গ৷ তেওঁৰ সিদ্ধি কেৱল অসমীয়া বা হিন্দী সংগীতত সীমাবদ্ধ নহয় নিজৰ জীৱনত বিভিন্ন সমাজ–ভাষা আত্মস্থ কৰি তেওঁ সংহতিৰ নতুন মান স্থাপন কৰি গ’ল৷ বড়ো, কোচ ৰাজবংশী, চাহ বাগানীয়া, হাজং, মিচিং, কার্বি, গাৰো, ৰাভা, ডিমাচা, টাই আহোম, নেপালী, ভোজপুৰী, বিষুপ্রিয়া মণিপুৰী, ককবৰক, উডিয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, গালো অথবা মালয়ালম– জুবিন গার্গৰ কণ্ঠৰ সুৰত এই সকলো ভাষাই একত্রিতtunnelৰ দৰে মিলিত হৈছে৷ ইয়াতে সন্মিলিত হৈছে মানুহ৷

আধুনিক সংগীতক নতুন ৰূপ দিওঁতে তেওঁ কাহানিও পাহৰা নাছিল লোকগীতৰ মহিমাক৷ কামৰূপী–গোৱালপাৰীয়া সুৰৰ পৰা শতাধিক টোকাৰী গীত, সহস্রাধিক বিহুগীত পর্যন্ত তেওঁৰ কণ্ঠ এক অমলিন ভঁৰাল৷ তেনেকুৱা বহুমুখী অৱদান সত্ত্বেও বহু সময়ত তেওঁ বিতর্কিত হৈ থাকিল বৌদ্ধিক পৰিমণ্ডলটোত৷ নতুন প্রজন্মৰ হিয়াৰ আমঠুৰূপে স্বীকৃত হোৱাৰ সময়তো, সাংস্কৃতিক কৃতিৰে শ্রেষ্ঠত্ব অর্জন কৰি জাতীয় পৰিচয়ক সুসমৃদ্ধ কৰাৰ পাছতো বৌদ্ধিক পৰিমণ্ডলটোত বহু সময়ত অৱহেলিত হৈও ৰৈছিল৷ অথচ অসমীয়াৰ সাম্প্রতিক আধুনিকতাক ডপলব্ধি কৰিবলৈ, আজিৰ প্রজন্মৰ আত্মাৰ সুৰ অনুভৱ কৰিবলৈ আৰু এই প্রজন্মৰ চিন্তা–পন্থাৰে একাত্ম হ’বলৈ জুবিন গার্গৰ সংগীতিক আকর্ষণো হৈছে আধাৰ৷ এহ দিশেৰে জুবিন গার্গৰ ব্যক্তিত্বক বিশ্লেষণ কৰিলে অসমৰ সাংগীতিক–সামাজিক ৰূপান্তৰৰ ছবিখন সন্মুখলৈ আহে৷

সকলোৱেহ জুবিন গার্গ হ’ব নোৱাৰে তেওঁ যি দান কৰি থৈ গৈছে, সেয়া আনৰ পৰা আশা কৰিব নোৱাৰি৷ শিশুসুলভ ভাবুকতা, সৰলতা আৰু ডদাৰশীলতাহ জীৱনকালতে তেওঁক অনন্য কৰি তুলিছিল৷ কেতিয়াবা ক্রোধত খাৰাংখাচ, কেতিয়াবা শিশুৰ দৰে সৰল– এই বৈপৰীত্যত তেওঁৰ মানৱীয়তাহে দীপ্তমান হৈ ডঠিছিল৷ চাৰি দশকীয়া সংগীত–যাত্রাৰ সমান্তৰালভাৱে জনকল্যাণকৰ চিন্তা–ভাবনাত সদা তৎপৰ জুবিন গার্গ এইড্ছ ৰোগী, কেঞ্চাৰ ৰোগীৰ সেৱ, শিল্পীৰ সুৰক্ষা, বিপদগ্রস্ত মানুহৰ সহায়ৰ বাবে তেওঁ আছিল সর্বদা অগ্রণী৷ আনকি, জুবিন গার্গৰ মাজত সক্রিয় আছিল জাতিটোৰ প্রতি গভীৰ প্রেম আৰু ভালপোৱা৷ আৱেগ–ধূসৰতাত অমলিন হৈ সেই প্রেম বহু সময়ত ক্রোধলৈ ৰূপান্তৰিতও হৈছিল৷

একবিংশ শতিকাৰ অসমত শিল্প–সংগীত, সমাজ–আন্দোলন আৰু মানৱীয় উদাৰতাক সংযোগ কৰি এক অনন্য ব্যক্তিত্ব ৰূপে নিজক গঢ়ি তোলা একমাত্র ব্যক্তিগৰাকীৰ নাম যদি শংকা নোহোৱাকৈ ক’ব লগা হয়, তেৱেঁই– জুবিন গার্গ৷

তেওঁলৈ মোৰ শ্রদ্ধাঞ্জলি যাচিছোঁ৷

ড০ প্রদ্যুম্ন গোস্বামী

কি খবৰ পালোঁ এইটো? কেনেকৈ মানি লওঁ? ছিপাঝাৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত বত্তৃণতাটো দিবলৈ আৰম্ভ কৰিছিলোঁহে মাত্র, হঠাৎ আহিল সমগ্র জাতিটোৰ বাবে অভিশপ্ত খবৰটো৷ এনে এটা খবৰ এনেকৈ হমান সোনকালে পাম বুলি ভাবিবই পৰা নাছিলোঁ৷ শিল পৰা কপৌৰ দৰে হৈ পৰিল ছিপাঝাৰ মহাবিদ্যালয়ৰ সমগ্র সভাঘৰ৷ মঞ্চৰ পৰা লক্ষ্য কৰিলোঁ মহাবিদ্যালয়খনৰ সেই ১৮–২০ বছৰীয়া ছাত্র–ছাত্রীবোৰে উচুপি উঠিছে হঠাৎ৷ কোনোবাই ৰুমালেৰে চকু মচিছে, কোনোবাই চাদৰৰ আঁচলেৰে৷ শিক্ষক–শিক্ষয়িত্রীস কথাটো ক’বই নালাগে৷ বাক্ৰুদ্ধ আমি, বাক্ৰুদ্ধ জাতি৷ আকৌ এটা গান শেষ হ’ল, আকৌ এটা ধুমুহা নোহোৱা হ’ল৷ যিটো গানে, যিটো ধুমুহাই সমগ্র জাতিটোক জীপাল কৰি ৰাখিছিল৷ আমাৰ, আমাৰ আগৰ বা এতিয়াৰ প্রজন্মটোক অসমীয়া গান শুনিবলৈ শিকাহছিল৷ কি সৃষ্টি আছিল সেই গানত কি শব্দৰ ময়াজাল আজিৰ প্রজন্মটোৱে যদি অসমীয়া গান শুনি আছে তাৰ সমগ্র কৃতিত্ব যায় এই জুবিন গার্গলৈ৷ আজিৰ প্রজন্মটো যদি অসমীয়া ভাষাটোৰ প্রতি আগ্রহী তাৰো সিংহভাগ কৃতিত্ব যায় এই জুবিন গার্গলৈকে৷ যিকেইজনমান বিচিত্র প্রতিভাৰে মহীয়ান মনীষীৰ অকুণ্ঠ প্রচেষ্টাত জাতিটোৰ সংস্কৃতিয়ে প্রাণ পাই উঠিছে তাৰ ভিতৰত জুবিন গার্গ অন্যতম এজন৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষুপ্রসাদ ৰাভা আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পিছতেই নাম ল’ব লাগিব জুবিন গার্গৰ৷ জুবিন গার্গৰ সৃষ্টিয়ে জাতিটোক এনেকৈ সমৃদ্ধ কৰি ৰাখিলে যে আমি আমৃত্যু এই ধাৰ শুজিব নোৱাৰিম৷ বুঢ়াৰ পৰা শিশুলৈকে প্রত্যেকজনেই হয়তো আজি অন্তৰৰ পৰা কান্দিছে৷ জাতিৰ ইতিহাসত আজিৰ দিনটো অন্যতম এটা অভিশপ্ত দিন, যিটো দিনত জাতিয়ে এটা অমূল্য সম্পদ হেৰুৱালে, জাতিয়ে এটা আশাক হেৰুৱালে, জাতিয়ে এটা সৃষ্টিক হেৰুৱালে৷ যিমান হেৰুৱালে আৰু সিমান পাবলৈ হয়তো বাকী থাকি গ’ল৷ শ্রদ্ধাঞ্জলি জনাবলৈ ভাষা নাই, সমবেদনা জনাম কাক?

পংকজ প্রতিম বৰদলৈ

তিনি দশকৰ প্রতিটো প্রজন্মৰ হাঁহি, কান্দোন, প্রেম আৰু বেদনা– সকলোতে তেওঁৰ সুৰেৰে বৈ থকা জোনাক–বৰষুণৰ সংগীত জীয়াই আছিল৷ আজি সেই সুৰৰ উৎস অচল হোৱাৰ খবৰত যেন থমকি ৰৈছে সময় সময় যে নিষ্ঠুৰ সময়ে জানে কিন্তু হমান নিষ্ঠুৰ৷ আজি অনুভৱ কৰিছোঁ বুকুৰ ভিতৰত এটা অচিনাকি শূন্যতা, চকুত থমকি থকা হাজাৰ অশ্রুৰ ঢ়ৌত যেন ভেটা ভাঙিব আৱেগৰ জোৱাৰ৷ ২০২৪ চনৰ জানুৱাৰীত দিল্লীত তেওঁৰ গীত শুনা মুহূর্তটো এতিয়া জীৱনৰ এটা অনন্ত দামী সম্পদ হৈ পৰিছে৷ অসুস্থতাৰ পৰা সদ্য ফিৰৎ, ভংগুৰ দেহ, কিন্তু মঞ্চত উঠাৰ লগে লগেই তেওঁৰ কণ্ঠৰ অমলিন দীপ্তিত যেন আকণ্ঠ নিমজ্জিত হ’ম মোৰ ব্যক্তিগত সমস্যাৰ মাজতো, মই এই অনুষ্ঠানলৈ গৈছিলোঁ – কাৰণ অন্তৰৰ কোনো কোণত বাজি উঠিছিল– ‘এইবাৰেই হয়তো শেষবাৰ৷’ আৰু সেয়াই মোৰ বাবে সত্য হ’ল৷ সেয়াই জুবিন গার্গৰ অনুষ্ঠান মই শেষবাৰৰ বাবে চোৱা হ’ল৷ টালকটোৰা ষ্টেডিয়ামৰ অডিটৰিয়ামত, সেই ৰাতি গুঞ্জৰি থকা গানবোৰ আজি মোৰ কাণত বাজি উঠিছে, কেৱল শোকৰ সুৰবোৰ উজাই আহিছে, ধীৰে ধীৰে৷ যোৰহাটৰ গৌৰৱ আছিল তেওঁ৷ আমি যোৰহটীয়া বুলি গৌৰৱান্বিত আছিলোঁ, জুবিনদাৰ বাবে, জে বি কলেজৰ (এতিয়া বিশ্ববিদ্যালয়) ছিনিয়ৰ আছিল তেওঁ, যাৰ গীতত উজলি উঠে সময়৷ যাৰ গীতে বিষাদত দিছিল সংগ৷ শেহতীয়াকৈ ‘ভাইমনদা’ ছবিখন চাহ মহ জুবিনক নতুনকৈ যেন বুজিছিলোঁ৷ ছবিখনে তেওঁৰ ব্যক্তিত্বক সকলোৰে হূদয়ৰ নিবিড় সত্তাৰ ৰূপত উপস্থাপন কৰিলে৷ তাত মই সেই শিল্পীক নহয়, মানুহজন দেখিছিলোঁ– যিজনে নিজৰ সুৰেৰে গীতেৰে কথাই কোটি কোটি হূদয়ক স্পর্শ কৰিছিল৷ জুবিনদা, তোমাৰ গীতিময় জীৱন যাত্রা ইতি পৰিল৷ তোমাৰ জীৱন সুৰৰ এই যৱনিকা অসহনীয় এয়া মানি লোৱা সম্ভৱ নহয়৷ হে নিষ্ঠুৰ সময়, নিষ্ঠুৰ নিয়তি, এয়া মানি লোৱাৰ বাদে উপায়েই বা কি? তোমাৰ সুৰৰ যাত্রা কেতিয়াও শেষ নহয়৷ অসম আৰু অসমীয়া থকালৈকে আমি তোমাক লৈ চিৰদিন গৌৰৱান্বিত হৈ থাকিম৷ জুবিনদা, তুমি আছিলা আমাৰ হূদয়ৰ ধ্বনি, তুমি হৈ থাকিবা আমাৰ অশ্রুৰ সুৰ, তুমি থাকিবা আমাৰ সকলো যাত্রাৰ সংগী হৈ, প্রেম ভালপোৱাৰ অনন্ত জোনাক হৈ৷

প্রসেনজিত লাহন (সংগীত শিল্পী)

জুবিনৰ মৃত্যু অসম আৰু অসমীয়াৰ বাবে অপূৰণীয় ক্ষতি৷ যিটো কোনেও কাকো বুজাব নোৱাৰে৷ জুবিনৰ দৰে কণ্ঠ আৰু দৰদী শিল্পী আৰু এশ বছৰলৈ নোলাব৷ জুবিন আছিল অসমীয়াৰ বাবে কন্দা শিল্পী৷ জুবিনে মোৰ ত্রিশটাৰো অধিক গানত কণ্ঠ নিগৰাইছিল৷ আৰু কেইবাটাও গাবলগীয়া গীত আছিল৷ কিন্তু সেয়া আৰু নহ’ল৷ এয়ে মনত বহুত দুখ থাকি গ’ল৷ এই দুখ অসহনীয়৷ কোনো অসমীয়াই জুবিনৰ এই দুঃখবৰ ইমান সোনকালে পাব বুলি আশা কৰা নাছিল৷ কিন্তু নিয়তিৰ পৰিহাস৷ তেওঁ কায়িকভাৱে আঁতৰি গ’লেও অসমীয়াই সদায় জীয়াই ৰাখিব এইগৰাকী প্রাণৰ শিল্পীক৷

মৃদুল ভূঞা (সংগীত শিল্পী)

আজি যি ঘটনা হ’ল সেয়া অকল্পনীয়৷ কোনোৱেই ভবা নাছিল এনে এটা দুঃখবৰ ইমান সোনকালে অসমীয়া জাতিয়ে পাব৷ জুবিনক মই সৰুৰে পৰাহ পাইছিলোঁ৷ অনামিকা কেছেটৰ পূর্বে তেওঁ কাৰ বাবে নামৰ এটা কেছেট উলিয়াইছিল৷ য’ত মই সুৰ কৰিছিলোঁ৷ শংকৰদেৱৰ পিছতেই আছিল জুবিন গার্গ৷ কিয়নো জুবিনে মাটিত ধৰি আকাশখন ঢুকি পাহছিল৷ জুবিনৰ এই যাত্রা আছিল এক বর্ণিল যাত্রা৷ সি সাধনা কৰিছিল৷ মাটিৰ মানুহ হৈ দুখীয়াৰ বাবে আৰু অসমীয়া সমাজখনৰ কথা চিন্তা কৰা মানুহটোৱেই হ’ল জুবিন গার্গ৷ ঢ়োল, তাল আৰু বিহুক এনে এটা পর্যায়লৈ জুবিনে লৈ গৈছিল সেইটো সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়৷ শংকৰদেৱৰ মাজত যেনেকৈ কোনো ভেদভাব নাছিল ঠিক জুবিনৰো নাছিল তেনে ভাব৷ কম সময়ৰ বাবে অসমীয়া সমাজ আৰু জাতিৰ বাবে সংগীতৰ জৰিয়তে জুবিনে যি দি গ’ল সেয়া অদ্বিতীয়৷

মানস জ্যোতি বৰা

জুবিন আৰু মই কলেজত একেলগে পঢ়িছিলোঁ৷ জুবিনে কী ব’ৰ্ড বজাইছিল আৰু ময়ো বজাইছিলোঁ৷ আমি কলেজত থকাৰ পৰাই একেলগে প্রগ্রেম কৰিছিলোঁ৷ ইয়াৰ পিছত জুবিনে যোৰহাটৰ এফ এম ৰেডিঅ’ত প্রথম গান গাইছিল আৰু মই বজাইছিলোঁ৷ পৰৱর্তী সময়ত জুবিন গুৱাহাটীলৈ গুচি যায় যদিও যেতিয়াই যোৰহাটলৈ আহে আমাৰ জেইল ৰোডৰ অডিঅ’ ৱর্ল্ড ষ্টুডিঅ’লৈ আহিছিল৷ এই ষ্টুডিঅ’তেই জুবিনে শিশু, জীৱন নদীৰ দুটি পাৰ আদি বিভিন্ন এলবাম কৰিছিল৷ অসমৰ ৰাইজে শুনি আচৰিত হ’ব এই ষ্টুডিঅ’ত জুবিন গার্গে এটা ৰাতিৰ ভিতৰতে ২২টাকৈ গানত কণ্ঠদান কৰিছিল৷ প্রায় এমাহৰ পূর্বেও জুবিনক লগ পাইছিলোঁ আৰু কলেজীয়া দিনৰ বহু কথাই পাতিছিলোঁ৷ তেতিয়া কৈছিল– মই কেতিয়া জুবিন গার্গ হৈ গ’লো মই নিজেই নাজানো৷ অতি কোমল অন্তৰৰ বন্বুূ জুবিনৰ এই মৃত্যু অসম আৰু অসমীয়াৰ বাবে অপূৰণীয় ক্ষতি৷ কিন্তু জুবিনক আমি সদায় জীয়াই ৰাখিম৷

ড০ গোৱিন্দ প্রসাদ ভূঞা

বিংশ শতিকাৰ অন্তিমটো দশকৰ আৰম্ভণিৰ পৰা একবিংশ শতিকাৰো আঢ়ৈটা দশক ধৰি অসম আৰু অসমীয়াক সুৰৰ মায়াজালেৰে মুগ্ধ কৰি ৰখা জুবিন গার্গে কেৱল যুৱক–যুৱতীৰ হূদয়তেই ঠাই অধিকাৰ কৰাই নহয়, তেওঁৰ অনন্য আৰু অদ্বিতীয় কণ্ঠস্বৰে অসমৰ ল’ৰা–বুঢ়া সকলোৰে মনত ৰং লগাবলৈ সক্ষম হৈছিল৷ ব্যক্তিগতভাৱে কেৱল এঘণ্টাৰ বাবে তেখেতক অন্তৰংগভাৱে লগ পোৱাৰ সৌভাগ্য হৈছিল– সেই মুহূর্তকেহটিত হোৱা কথা–বার্তাৰ পিছতে ইমানদিনে শুনি অহা জুবিন গার্গৰ দৰদী, সৰল, নিভাজ, পৰিষ্কাৰ মনটোৰ পৰিচয় ওচৰৰ পৰা পাইছিলোঁ৷ কেতিয়াও লগ নোপোৱা মোক বার্তালাপৰ পিছত কৈছিল, ‘ঐ গোবিন, তই বহ, দেউতাৰ লগত কথা পাত৷ মই গা ধোওঁগৈ৷’ অনুভৱ হৈছিল– জুবিন গার্গ যেন মোৰ বৰ ককাই৷ বেগত থকা মোৰ সেই সময়ত প্রকাশ হোৱা এপল কোম্পানীৰ প্রতিষ্ঠাতা ষ্টীভ শীর্ষক কিতাপখন উপহাৰ দিয়াত কৈছিল, ‘মই ষ্টীভ জবছৰ প্রকাণ্ড আত্মজীৱনীখন পঢ়িছোঁ৷ মই বহুত কিতাপ পঢ়িছোঁ৷ আমাৰ ঘৰত বিশ্বৰ বছা বছা কিতাপৰ সংগ্রহ আছে৷’ জুবিন গার্গৰ অধ্যয়নপিপাসু মনটোৰ পৰিচয় তেনেকৈয়ে পাইছিলোঁ৷ মোৰ ঘৰ মাজুলীত বুলি জানি ক’লে, ‘মাজুলীক মই ভাল পাওঁ’৷ তাৰ পিছতেই ‘মাজুলীত এজনী ছোৱালীয়ে দুখ পালে’ শীর্ষক গীতটোৰ নেপথ্যৰ কাহিনী কৈছিল৷ অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ ভাষাত গীত গাই অসমৰ মানুহৰ মাজত জুবিন গার্গে সাংস্কৃতিক ঐক্য সাধনৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছিল৷ তেনেদৰে, ভাৰতৰো বিভিন্ন প্রান্তীয় ভাষাৰ গীতত কণ্ঠদান কৰি ভাৰতবর্ষৰ মানুহৰো মৰম বোটলা জুবিন গার্গে উত্তৰ ভাৰত, দক্ষিণ ভাৰতৰো মানুহৰ মাজতো জনপ্রিয়তা অর্জন কৰিছিল৷ জুবিন গার্গৰ গীতৰ, সুৰৰ অন্য এটা গুৰুত্বপূর্ণ কথা হ’ল থেৰাপেটিক ট্ৰীটমেণ্ট–আমাৰ মনৰ আনন্দৰ, বিষাদৰ, সুখৰ, দুখৰ– যিকোনো অৱস্থাৰে লগৰী হৈ থাকিব পাৰে জুবিন গার্গৰ গীত আৰু সুৰ৷ জুবিন গার্গে গীত গাহছিল মানুহৰ কাৰণে– সেই মানুহ হ’ব পাৰে প্রেমিক, শ্রমিক, শিল্পী, বিপ্লৱী ইত্যাদি৷ জুবিন গার্গৰ বিয়োগৰ খবৰে মর্মাহত কৰিছে৷ আমাৰ সময়ৰ এক মহাপ্রতিভাক আমি অকালতে হেৰুৱালোঁ৷

You might also like