নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ বিয়োগত ম্ৰিয়মাণ কামপুৰৰ ছেকেণ্ড জুবিন

যুৱ প্ৰজন্মৰ ‘হাৰ্টথ্ৰব’ জুবিন গাৰ্গৰ গীত গাই কামপুৰত “ছেকেণ্ড জুবিন” হিচাপে পৰিচিত যতীন হাজৰিকাই প্ৰিয় শিল্পীগৰাকীৰ বিয়োগৰ খবৰ পোৱাৰ পিছতে শোকত ম্ৰিয়মাণ হৈ পৰে।

কামপুৰ ঘিলানী গাঁৱৰ যতীন হাজৰিকাই কালিৰে পৰা পৰিধান কৰিছে বগা সাজ আৰু গ্ৰহণ কৰা নাই আহাৰ।

হাজৰিকাই প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুক সহজে মানি লব পৰা নাই। তেওঁ জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ নোযোৱা পৰ্যন্ত বগা সাজ পৰিধান কৰি থকাৰ লগতে উপবাসে থাকিব আৰু মৃতকৰ ঘৰত পালন কৰা নিয়মসমূহ অনুসৰণ কৰি যাব বুলি প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, কামপুৰ, ২০ ছেপ্টেম্বৰ 

You might also like