বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : বেদনাভৰা অন্তৰ লৈ নিজকে ব্ৰহ্মপুত্ৰত বিলীন কৰি দিলে এজন জুবিনপ্ৰেমীয়ে। প্ৰিয় শিল্পীগৰাকীৰ বিয়োগে যেন সকলো শেষ কৰি দিলে! বিশ্বাস কৰিব নোৱাৰা আপোন শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ দুখে প্ৰতিটো মুহূৰ্ত জীয়াবলৈ যেন কঠিন কৰি তুলিছে। অৱশেষত নিজতকৈ ভাল পোৱা শিল্পীগৰাকীৰ অন্তিম বিদায়ৰ এই দুখৰ মুহূৰ্তত লুইতৰ বুকুত জাঁপ দিলে এই জুবিন প্ৰেমীগৰাকীয়ে। শনিবাৰে নিশা তেওঁ আছিল গুৱাহাটীত। দেওবাৰে পুৱাই উত্তৰ গুৱাহাটীলৈ বুলি এম ভি সুদৰ্শন নামৰ জাহাজখনত উঠিছিল তেওঁ। প্ৰিয় শিল্পীগৰাকীক অজস্ৰ গুণমুগ্ধই বৰঝাৰৰ পৰা কাহিলিপাৰাৰ বাসগৃহলৈ আনি থকাৰ সময়তে এই অঘটন সংঘটিত কৰে যুৱকজনে। সেই জাহাজখনৰ পৰাই এনেদৰে নিজক নিঃশেষ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিয়ে যুৱকজনে। যুৱকজনৰ সন্ধানত উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে।
Next Post
You might also like