নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰতেই থাকিব আমাৰ মৰমৰ জুবিন…

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : সোণাপুৰতেই থাকিব আমাৰ মৰমৰ জুবিন…। অৱশেষত নিশ্চিত কৰা হ’ল জুবিন গাৰ্গৰ সমাধিস্থলী। সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই প্ৰিয় শিল্পীগৰাকীৰ অন্তিম ঠিকনা নিশ্চিত কৰা হ’ল। সোণাপুৰেই হ’ব জুবিনৰ শেষ ঠিকনা। সোণাপুৰৰ হাতীমূৰাত নিৰ্মাণ কৰা হ’ব জুবিনৰ সমাধি ক্ষেত্র। প্রশাসনে ইতিমধ্যে জুবিনৰ সমাধি ক্ষেত্রক লৈ সম্পূৰ্ণ কৰিছে যাৱতীয় প্রস্তুতি।

উল্লেখ্য যে জুবিনৰ সমাধিস্থলীক লৈ দোধোৰ-মোধোৰ অৱস্থাত আছিল ৰাজ্যবাসী। যোৰহাটবাসীয়ে নিজৰ ল’ৰা জুবিনৰ সমাধিস্থলী যোৰহাটত হব লাগে বুলি দাবী জনাই আহিছিল। কিন্তু এই ক্ষেত্ৰত শেষ সিদ্ধান্ত পৰিয়ালৰ লোকৰ ওপৰতেই এৰি দিছিল সমগ্ৰ অসমবাসীয়ে। অৱশেষত পৰিয়ালে জুবিনৰ সমাধিস্থলী গুৱাহাটী বা গুৱাহাটীৰ আশে-পাশে হোৱাটো কামনা কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ লগতে সকলো পক্ষৰ সহমতত প্ৰিয় শিল্পীগৰাকীৰ শেষ ঠিকনা নিৰ্ধাৰণ কৰা হল। সোণাপুৰৰ হাতীমূৰাতে হ’ব জুবিনৰ সমাধি ক্ষেত্র।

You might also like