মানুহে ভালপোৱা মানুহক ভালপোৱা জুবিন
অসমীয়াৰ বুকুৰ কোঁহে কোঁহে সোমাই থকা বিস্ময়কৰ প্রতিভাজন অসমৰ পৰা সুদূৰত এক ৰহস্যজনক মৃত্যুক সাবটি লৈ ইতিমধ্যে আমাৰ মাজৰ পৰা কায়িকভাৱে চিৰবিদায় লৈছে৷ হূদয়ে মানিব নোখোজা তেওঁৰ এই চিৰবিদায়ত যোৱা দুটা দিন সমগ্র অসমবাসী শোক সাগৰত বুৰ গৈ আছে৷ অমৃতকণ্ঠৰ এই অকাল বিয়োগৰ শোক অসমীয়াই চিৰদিন বুকুত কঢ়িয়াব৷ জুবিন গার্গ কেৱল অত্যন্ত জনপ্রিয় গায়কেই নাছিল, আছিল অসম–অসমীয়াৰ প্রাণৰ শিল্পী৷ বৰঝাৰ বিমানবন্দৰৰ পৰা সৰুসজাইলৈ জুবিনৰ কফিনবন্ধ নশ্বৰদেহ লৈ অনাৰ সময়তে জনসমুদ্রৰ পাৰ ভগা কান্দোনেই সেই কথা পুনৰবাৰ সন্দেহাতীতভাৱে প্রমাণ কৰিছে বিশ্ববাসীক৷ লাখ লাখজনে এই অমৃতকণ্ঠক শেষবাৰৰ বাবে এবাৰ চাই বিদায় দিয়াৰ বাবে সৃষ্টি হোৱা জনসমুদ্র অসমৰ এই প্রজন্মই জীৱিত কালত আৰু এবাৰ দেখা নাপাব৷ হয়তো দেখা নাপাব পিছৰ প্রজন্ময়ো৷ দুটা দিন ধৰি সম্পূর্ণ স্তব্ধ হৈ গৈছে অসম৷ স্তব্ধ হৈ গৈছে অসমীয়াৰ স্বাভাৱিক জীৱন৷ বিৰ দি বাট নোপোৱা বাট–পথবোৰ শূন্য হৈ পৰি ৰৈছে৷ স্বতঃস্ফূর্তভাৱে দোকান–পোহাৰবোৰৰ শ্বাটাৰ বন্ধ হৈ গৈছে৷ বজাৰবোৰো উদং হৈ পৰি আছে৷ ঘৰে ঘৰে মানুহবোৰে হাহাকাৰ কৰি উঠিছে৷ দুচকু সিক্ত উচুপনিবোৰ আকাশ-বতাহত ভাঁহি ফুৰিছে৷ ৰাজপথৰ কাষৰ পদপথ, তিনিআলি–চাৰিআলিত জিলিকি আছে প্রিয় শিল্পীৰ বিশাল বিশাল ফটো আৰু চাকি–বন্তিৰ পোহৰ আৰু গীতেৰে পুৱাৰ পৰা নিশালৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, তেজপুৰৰ পৰা শিলচৰলৈ জুবিনৰ গীত গাই গাই, হাতত জ্বলন্ত মমবাতি লৈ মিছিলবোৰ পাৰ হৈ গৈছে৷ যাৰ গানে তিনিটা দশক ধৰি সন্মোহিত কৰি আহিছে, যাৰ গান মজ্জাত সোমাই পৰিছে- সেই গানৰ স্রষ্টাৰ এই চিৰবিদায়ে অসমীয়াৰ বুকু ফালি চিৰাচিৰ কৰি পেলাইছে৷ কেতিয়াও আৰু উভতি নহাৰ বাটেৰে গুচি যোৱা জুবিনৰ প্রস্থানক কোনো কাৰণতে মানি ল’ব পৰা নাই অসমীয়াই৷ সময় যিমানে পাৰ হৈ গৈছে সিমানে জুবিন আৱেগৰ ঢৌবোৰ ক্রমাৎ বিশালৰ পৰা বিশালতৰ হৈ পৰিছে৷ ৮ৰ পৰা ৮০ বছৰীয়ালৈকে সকলো এই আৱেগৰ ঢৌত আছাৰ খাই পৰিছে৷ অবিশ্বাস্য এই দৃশ্য! অবিশ্বাস্য এই সময়!! এয়া যে যোৱাৰ সময় নাছিল৷
দুর্দান্ত অসমপ্রেমী জুবিন আছিল আপোচবিহীন স্বাভিমানী৷ এদিন যেতিয়া সোঁৱৰণীৰ সময় আহিব তেতিয়া অসমীয়াই গর্বিত হ’ব- কি এক বিস্ময়কৰ দুৰন্ত প্রতিভাই অসমত জন্ম লৈছিল৷ আমি গর্বিত- আমাৰ জীৱনৰ এছোৱা সময় জুবিনে বাস কৰি থকা সময়ত আমিও একেখন অসমতে কটাইছোঁ৷ অসম আৰু অসমীয়া বুলি পাগল জুবিনক অসমৰ মানুহে যিমান ভাল পায়, সিমানে জুবিনে ভাল পাইছিল মানুহক৷ জীৱনৰ সকলো সময়তে মানুহৰ মাজত কটোৱা জুবিনক যিদৰে মানুহৰ হাঁহি–আনন্দই নিষ্কলুষ সুখ দিছিল, ঠিক তেনেদৰে মানুহৰ পীড়াই তেওঁক দিছিল অপৰিসীম দুখ৷ তেওঁ আছিল দৰিদ্র আৰু অৱহেলিতৰ বিশ্বাসী বন্ধু৷ জনচক্ষুৰ আঁৰত তেওঁ এই লোকসকলৰ ভৱিষ্যতৰ বাবে জেপ উদং কৰি দিছিল৷ গ্লেমাৰ আৰু জনপ্রিয়তাৰ চিকমিকনিয়ে আৱৰি ৰখা জুবিনৰ দৰিদ্রসকলৰ প্রতি থকা ব্যাথাৰ ছবি কিন্তু পোহৰলৈ নাহিল৷ আচলতে তেওঁ আহিবলৈ নিদিলে৷ প্রচাৰৰ ‘আলো’ৰ পৰা সন্তর্পণে তেওঁ লুকুৱাই ৰাখিলে সেই দৰিদ্রপ্রীতি৷ ক’ত কিমানজনক যে সংগোপনে সহায় কৰি থৈ গ’ল৷ কোনো দুখীয়া ছাত্র–ছাত্রীৰ যদি স্কুলৰ মাচুল দিবলৈ পইচা নাছিল তেন্তে তেওঁৰ বাবে আছিল জুবিন৷ কাৰোবাৰ যদি অস্ত্রোপচাৰৰ বাবে পইচা গোট খোৱা নাই তেতিয়াহ’লে তেওঁৰ কাষত থিয় হৈছিল জুবিন৷ নিয়মিতভাৱে নিতৌ জুবিনৰ ঘৰৰ দুৱাৰডলিত এনে এজাক মানুহ আবেদন–পত্র লৈ গোট খাইছিল৷ আৰু এই হতভাগা মানুহবোৰক জেপ খালী নোহোৱালৈকে সহায় কৰি গৈছিল জুবিনে৷ সমাজৰ বিয়াগোম তাৰকাসকলে তেওঁক প্রায় সর্বক্ষণ বেৰি ৰখাৰ সময়তো সেই তাৰকা বেষ্টনীৰ সুৰুঙাৰে জুবিনে জুমি চাইছিল অৱহেলিত সৰল, হোজা গঞাৰ জীৱন৷ যিকোনো যাত্রাপথতে কোনো দৰিদ্র গঞাৰ ঘৰত ৰৈ ভাত এমুঠি খাইছিল, গছৰ ছাঁত জিৰণি লৈ থকা কোনো কৃষকৰ কাষত বহি সুখ–দুখৰ দুষাৰ কথা পাতি কৃষকে মহলিয়াই দিয়া চাধা এপালি ওঁঠত গুঁজি লৈছিল জুবিনে৷ শিশুৰ প্রাণ চাঞ্চল্যৰে এনে সম্পর্কবোৰৰ মাজত স্বাচ্ছন্দ্য অনুভৱ কৰিছিল তেওঁ৷ এই সহজ–সৰল প্রাণবোৰে, সম্পর্কবোৰে জুবিনক অভাৱনীয়ভাৱে আকর্ষণ কৰিছিল৷ অদ্ভুতভাৱে তেওঁক আকর্ষিত কৰিছিল আনে আঁতৰি থকা কিছুমান চৰিত্রই৷ মানুহপ্রিয় জুবিনে কেতিয়াবা দুপৰ নিশা শ্মশানত উপস্থিত হৈছিল আৰু ঘণ্টা ধৰি চণ্ডালৰ সৈতে আড্ডা মাৰি সেই চণ্ডালৰ ঘৰত শেষ নিশা এসাঁজ খাই ঘৰলৈ উভতিছিল৷ মানুহ আৰু প্রকৃতিৰ সান্নিধ্যৰে জীৱনক জীপাল কৰি ৰাখিছিল জুবিনে৷ সেয়ে প্রতিক্ষণে হাজাৰ হাজাৰ মানুহেৰে পৰিবেষ্টিত হৈ থকা জুবিনে সুযোগ পালেই সেই পৰিবেষ্টনী ভাঙি লৱৰি গৈছিল তেওঁৰ প্রিয় প্রকৃতিৰ ওচৰলৈ, তেওঁৰ প্রিয় সঁচা মানুহবোৰৰ ওচৰলৈ৷ কেৱল অলেখ–অগণন জনপ্রিয় গীতৰ বাবেই নহয়, মানুহক ভালপোৱা অকৃত্রিম প্রেমৰ বাবেও জুবিন চিৰদিন অসমীয়াৰ বুকুৰ মাজত মৌকোঁহ হৈ থাকিব৷