জুবিনৰ শেষকৃত্যত ব্যৱহাৰ হ’ব ডিমৰীয়া কলেজত থকা চন্দন গছ
মহানগৰীৰ সমীপৰ সোণাপুৰতে হিয়াৰ আমঠু জুবিন গার্গৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ ইতিমধ্যে পুৱা মন্ত্রী ৰণোজ পেগু, কেশৱ মহন্ত আৰু বিধায়ক অতুল বৰাই সোণাপুৰৰ কমাৰকুছিৰ ২৭নং ৰাষ্ট্রীয় পথৰ কাষতে থকা ভূমি পৰিদর্শন কৰে৷
তাৰ পিছতে মুখ্যমন্ত্রীয়ে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন হ’বলগীয়া ভূমিখিনি পৰিদর্শন কৰে৷ সোণাপুৰৰ এই ভূমিতে মৰমৰ শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ ইতিমধ্যে ভূমিখিনি চাফ–চিকুণৰ বাবে তীব্র প্রস্তুতি চলোৱা হৈছে৷
এইক্ষেত্রত শিল্পীগৰাকীৰ সৎকাৰৰ বাবে চন্দন কাঠ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে ডিমৰীয়া কলেজৰ লগতে ডেফোডিল গ্রুপ অৱ ইনষ্টিটিডট শৈক্ষিক প্রতিষ্ঠানে৷
ডিমৰীয়া কলেজৰ চৌহদত থকা ২৫ বছৰীয়া চন্দন গছডাল জুবিনৰ সৎকাৰত ব্যৱহাৰ কৰিব৷ তদুপৰি ক্ষেত্রীৰ ভেৰাকুছিস্থিত ডেফোডিল নার্ছাৰীৰ স্বত্বাধিকাৰী ড০ ধ্রুৱজ্যোতি শর্মাই জুবিনৰ স্মৃতিত কেইবাটাও নাহৰৰ পুলি সমাধিক্ষেত্রৰ চৌহদত ৰোপণৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷
নিয়মীয়া বাৰ্তা সোণাপুৰ, ২২ ছেপ্টেম্বৰ