নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিদ্ধাৰ্থ শৰ্মা-শ্যামকানু মহন্তৰ বিৰুদ্ধে চাৰিদুৱাৰ থানাত এজাহাৰ জুবিন অনুৰাগীৰ

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰা,চাৰিদুৱাৰ অঞ্চলৰ জুবিন অনুৰাগীসকলে সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰি চাৰিদুৱাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

জুবিন অনুৰাগীসকলে এজাহাৰখন চাৰিদুৱাৰ থানাৰ আৰক্ষী বিষয়া সতীশ চাহুক এজাহাৰখন দাখিল কৰি অনতিপলমে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ বিৰুদ্ধে যাৱতীয় তদন্ত কৰি দোষীক শাস্তি দি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সকলোৱে দাবী জনায়।

জুবিন অনুৰাগীসকলৰ হৈ এজাহাৰ দাখিলৰ সময়ত ভাস্কৰজ্যোতি শইকীয়া,হীৰেণ মেধি,অনুপম শইকীয়া,গৌতম দাসৰ লগতে ভালেমান ব্যক্তি উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, বালিপৰা, ২৫ ছেপ্টেম্বৰ 

You might also like