হাউলীত ৪ ব্যৱসায়ীক মহটিয়ালে ইয়’ন বাহনে, হতাহত ৪
বৰপেটাৰ হাউলীৰ কদমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ কাষত গছৰ ছাঁত জিৰণি লৈ থকা চাৰিজন মৰাপাট ব্যবসায়ীক মহটিয়াই নিলে এখন তীব্ৰবেগী ইয়’ন বাহনে।
ইয়ন খনৰ খুন্দাত থিতাতে নিহত তিনিগৰাকী ব্যৱসায়ী।
নিহত ব্যৱসায়ীকেইগৰাকী হৈছে হাউলী কদমতলাৰ আলী হুছেইন, কদম আলী আৰু হাজো ৰামদিয়া মিলপাৰা গাঁৱৰ হানিফ আলী।
আনহাতে দুৰ্ঘটনাটোত হাজো ৰামদিয়াৰ ফকৰ উদ্দিন আহত হয়।
আহত ফকৰ উদ্দিনক বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে।
বৰপেটা হাউলী পথৰ কদমতলা চ’কত ৫গৰাকী মৰাপাট ব্যৱসায়ীয়ে গছৰ ছাঁত বহি ব্যৱসায়ৰ হিচাপ কৰি আছিল।
তেনে অৱস্থাতে হাউলীৰ পৰা বৰপেটা অভিমুখী AS 15M 2178 নম্বৰৰ তীব্ৰবেগী ইয়’ন বাহনখনে ব্যৱসায়ী কেইজনক মহতিয়াই নি বাহনখন খাৱৈত বাগৰি পৰে ।
দূৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনৰ লগতে পথৰ কাষত থকা আন এজন ব্যৱসায়ী কোনো ধৰণৰ আঘাত নোহোৱাকৈ ৰক্ষা পৰে।
ইতিমধ্যে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন খন উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা চালক কুলেন দাসক আটক কৰিছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ ছেপ্টেম্বৰ