নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা : এজনক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, নগাঁও, ২৬ ছেপ্টেম্বৰ : নগাঁৱত ভাৰতীয় ৰে’লৱে মাল গুদামত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰি দুজন লোকে প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।প্ৰৱঞ্চনাৰ বলি হোৱা একাংশ লোকে সংবাদ মাধ্যমৰ আগত এইত বিষয়ে সদৰী কৰাত এই প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহে। চম্পক কুমাৰ বৰা আৰু নীলমণি নাথ নামৰ দুই দালালে নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ প্ৰায় ৭০জন লোকক ভাৰতীয় ৰে’লৱে গুদামত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰিছিল। এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা নীলমণি নাথে এই লোকসকলৰ আগত চম্পক কুমাৰ বৰাক ৰে’লৱেৰ বিষয়া হিচাপে পৰিচয় কৰি দি প্ৰৱঞ্চনাৰ জাল তৰিছিল।

২০১৮ চনৰ পৰা ২০২১ চনৰ ভিতৰত এই দুয়োজনে চাকৰি দিম বুলি উল্লিখিত লোকসকলৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল। পৰৱৰ্তী সময়ত এই লোকসকলে চাকৰিৰ কথা সুধিলে হ’ব হ’ব বুলি আভুৱা-ভাঁৰি আহিছিল। চাকৰি নাপাই হতাশাত ভোগা এই লোকসকলে তেওঁলোকে দিয়া ধনৰাশি ওভতাই বিচাৰিলে কৌশলেৰে আঁতৰি থকাৰ লগতে ভাবুকিও দি আহিছিল।

জানিব পৰা মতে, চম্পক কুমাৰ বৰা আৰু নীলমণি নাথে ৰে’লৱে মাল গুদামত চাকৰি দিয়াৰ নামত প্ৰতিজন চাকৰি প্ৰাৰ্থীৰ পৰা ৩০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিছিল। তেওঁলোকে সংগ্ৰহ কৰা ধনৰ পৰিমাণ প্ৰায় ৪০ লাখ টকাৰো অধিক হব। অৱশেষত উপায়হীন হৈ এই লোকসকলে দুই দালালৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ৭৬২/২৫ নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে।

এই তদন্তৰ আঁত ধৰিয়েই নগাঁও আৰক্ষীয়ে যোৱানিশা এই প্ৰৱঞ্চনাৰ অন্যতম অভিযুক্ত চম্পক কুমাৰ বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আনজন অভিযুক্ত নীলমণি নাথ পলাতক অৱস্থাত আছে। আৰক্ষীৰ জালত পৰা চম্পক কুমাৰ বৰাৰ ঘৰ নগাঁৱৰ শেনছোৱাত বুলি জানিব পৰা গৈছে। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে চম্পক কুমাৰ বৰাক জেৰা অব্যাহত ৰাখিছে। অকল নগাঁৱতেই যে এই ঘটনা সংঘটিত হৈছে এনে নহয়, আন জিলাতো এনে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। আৰক্ষীয়ে সঠিক তদন্ত কৰিলে পোহৰলৈ আহিব পাৰে চাকৰিৰ নামত প্ৰৱঞ্চনাৰ বৃহৎ ছিণ্ডিকেট। পলাতক নীলমণি নাথৰ ঘৰ পেটবহাত বুলি জানিব পৰা গৈছে।

প্ৰেৰক কনক হাজৰিকা
You might also like