নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৪ দুৰ্ধৰ্ষ ডকাইত

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : গোৱালপাৰাত একপ্ৰকাৰ সন্ত্ৰাসৰ ওৰ পৰিল। দীৰ্ঘদিন ধৰি জিলাখনত বিভিন্ন ধৰণৰ দুষ্কাৰ্যৰে সন্ত্ৰাস চলাই অহা চাৰি দুৰ্ধৰ্ষ ডকাইত অৱশেষত আৰক্ষীৰ গুলীত নিহত হয়। গাড়ীত অস্ত্ৰ লৈ বিচৰণ কৰি থকাৰ খবৰ পাইছিল আৰক্ষীয়ে আৰু সেই মৰ্মে আৰক্ষীয়ে ডকাইতকেইটাৰ বিৰুদ্ধে অভিযান জোৰদাৰ কৰি তুলিছিল।

জানিব পৰা মতে, গোৱালপাৰাত দীৰ্ঘদিনে সন্ত্ৰাস চলাই অহা ডকাইতৰ দলে পূজাৰ সময়তে কোনো ব্যৱসায়ীক অপহৰণ কৰাৰ গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে। সেই মৰ্মে আৰক্ষীয়ে বিভিন্ন ঠাইত ডকাইতৰ সন্ধানত অভিযান চলায়। অভিযানৰ সময়ত গোৱালপাৰাৰ ধূপধৰা থানাৰ অন্তৰ্গত ঘিলাডুবিত নিশা আৰক্ষীৰে মুখামুখি হয় ডকাইতৰ দলটোৰ। আৰক্ষীৰ সন্মুখৰ পৰা ডকাইতৰ দলটোৰ পলাবলৈ কোনো পথ নথকাত আৰক্ষীলৈ লক্ষ্য কৰি ডকাইতৰ দলটোৱে গুলীচালনা কৰে। তেনে পৰিস্থিতিত ডকাইতৰ দলটোলৈও লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। পিছত গুলীচালনা বন্ধ হোৱাত আৰক্ষীয়ে AS 02 AE 2633 নম্বৰৰ বাহনখনত আহত অৱস্থাত ডকাইতকেইজনক উদ্ধাৰ কৰে। লগে লগে আৰক্ষীয়ে ডকাইতকেইজনক ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে আটাইকেইজনকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে ডকাইতকেইজন ঘূৰি ফুৰা AS 02 AE 2633 নম্বৰৰ ট্ৰিবাৰ বাহনখনত চাৰিটা পিষ্টল উদ্ধাৰ কৰা বুলি জানিব  পৰা গৈছে । গোৱালপাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰে। নিহত ডকাইতকেইটা মুকুন্দ ৰাভা, চুবুৰ উদ্দিন, ছেমবাক মাৰাক, জাহিদুল ইছলাম। ইয়াৰে মুকুন্দ ৰাভা আৰু ছেমবাক মাৰাক গোৱালাপাৰা আৰক্ষীৰ মূৰৰ কামোৰণি আছিল।

You might also like