বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : জুবিন গার্গৰ সৃষ্টি-কর্মৰাজিক আধুনিক ভাৰতীয় ভাষা (এমআইএল)ৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰা হ’ব৷- এই কথা ঘোষণা কৰিলে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰচি জৈনে৷
প্রয়াত শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে উপস্থিত হোৱা অধ্যক্ষ জৈনে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দি কয়– জুবিন গার্গৰ কর্মৰাজি তথা সৃষ্টিক জাতি–জনগোষ্ঠী তথা সকলো ভাষিক লোকৰ ওচৰলৈ লৈ যোৱাৰ বাবে এমআইএলৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰা হ’ব৷ ১৪টা ভাষাত থকা এই এমআইএলৰ পাঠ্যক্রমত জুবিন গার্গৰ সৃষ্টি তথা কর্মৰ ওপৰত এটা অধ্যায় সন্নিৱিষ্ট কৰা হ’ব৷ শিল্পীগৰাকীৰ জীৱনী আৰু কর্ম–আদর্শ নতুন প্রজন্মই কিদৰে অনুকৰণ কৰিব লাগে তথা জুবিন গার্গৰ সৃষ্টি লৈ কিদৰে অনুপ্রাণিত হ’ব পাৰে, তাৰ বাবে এমআইএলত তেওঁৰ বিষয়ে উল্লেখ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে৷
উল্লেখ্য যে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এমআইএলৰ অন্তর্গত ৰাজ্যৰ ১৪টা বিভিন্ন জনগোষ্ঠীয় ভাষাত জুবিন গার্গৰ জীৱনী আৰু কর্মৰাজিক সন্নিৱিষ্ট কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷
ইফালে, শিল্পী জুবিন গার্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ প্রতিবেদনখন সন্দর্ভত জানিব বিচৰা লোকে আদালততহে প্রতিবেদনখন চাব পাৰিব৷ তেওঁ কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন আদালতলৈ যায়৷ যদি কোনোবাই ইচ্ছা কৰে, আদালতৰ পৰা চাব পাৰিব৷ কাৰোবাৰ মনত যদি উৎকণ্ঠা আছে তেন্তে চোৱাৰ ব্যৱস্থাও মই কৰাই দিম৷