নিয়মীয়া বাৰ্তা, জোনাই, ২৮ ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী হাৰ্টথ্ৰব, হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত শোকত ম্ৰিয়মাণ। আনফালে শক্তিৰ আৰাধ্য দুৰ্গা দেৱীৰ শাৰদীয় দুৰ্গোৎসৱ।
সমগ্ৰ দেশৰ সমান্তৰালকৈ জোনাই সমজিলা সদৰৰ কেইবাঠাইত উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ। ইয়াৰে জোনাই বজাৰত সাৰ্বজনীন দুৰ্গাপূজা কমিটীয়ে শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি দুৰ্গা পূজাৰ মণ্ডপ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰি চাৰিদিনীয়াকৈ ঐতিহ্যমণ্ডিত সাৰ্বজনীন দুৰ্গা মন্দিৰত উদযাপন কৰিছে দুৰ্গোৎসৱ। আজি ষষ্ঠী। সন্ধিয়া পৰাই জোনাই বজাৰত বিভিন্ন আলোকসজ্জাৰে ভৰি পৰিব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আৰু শক্তিৰ আৰাধ্য দেৱী দুৰ্গামাৰ প্ৰতিমূৰ্তি ৷