নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটকিবাৰীত বাইক দুৰ্ঘটনাত পতিত যুৱকৰ পৰা উদ্ধাৰ ৯ এম এম পিষ্টল

নিয়মীয়া বাৰ্তা, সাপটগ্ৰাম ২৮ ছেপ্টেম্বৰ : দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্ততে সাপটগ্ৰামৰ ফুটকিবাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

ফকিৰাগ্ৰামৰ পৰা বিলাসীপাৰালৈ যাত্ৰা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাইক দুৰ্ঘটনাত পতিত হয় এজন যুৱক। ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰু সাপটগ্ৰাম আৰক্ষীৰ যৌথ দল। দুৰ্ঘটনাত পতিত হোৱা যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ৯ এম এম পিষ্টল। ইয়াৰ পিছত আৰক্ষীয়ে দুৰ্ঘটনাত পতিত হোৱা যুৱক অনুপ তিৱাৰীক অস্ত্ৰসহ সাপটগ্ৰাম আৰক্ষী থানালৈ লৈ যায়। অনুপ তিৱাৰীৰ বাইকখনৰ নম্বৰ আছিল AS-01 DY– 5582।

পূজাৰ সময়ছোৱাত অস্ত্ৰসহ ধৰা পৰাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে। বহুতে বিলাসীপাৰাত কূটাঘাতমূলক কাৰ্যৰ উদ্দেশ্যৰে উক্ত অস্ত্ৰ ব্যৱহাৰ কৰাৰ আশংকা প্ৰকাশ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অনুপ তিৱাৰীক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰক প্ৰদীপ কুমাৰ দে’
You might also like