বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ লাভ কৰা হাগ্ৰামা মহিলাৰীসহ বিপিএফ নেতৃত্বই আজি ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। ৰাজ্যপালক সাক্ষাৎ কৰি বিপিএফ নেতৃত্বই পৰিষদ গঠনৰ আৰ্জি দাখিল কৰে। সাক্ষাৎকালত ৰাজ্যপালগৰাকীক শপত গ্ৰহণ অনুষ্ঠানলৈও আমন্ত্ৰণ জনায় বিপিএফৰ নেতৃত্বই।
উল্লেখ্য যে ৩ অক্টোবৰত বিটিচিত হাগ্ৰামা মহিলাৰীৰ চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই সন্দভৰ্ত সাংবাদিকৰ আগত মহিলাৰীয়ে কয়- “৩ তাৰিখে আমি শপত গ্ৰহণৰ দিন ধাৰ্য কৰিছোঁ। তাৰ বাবে আমি ৰাজ্যপালক আমন্ত্ৰণ জনালোঁ। কিন্তু সেইদিনা তেওঁৰো জন্মদিন, গতিকে ৰাজ্যপাল বিটিচিলৈ আহিলে আমি কোকৰাঝাৰতে তেওঁৰ জন্মদিন পালন কৰিম।”
বিপিএফপ্ৰধান হাগ্ৰামাই আৰু কয়- আজি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। উক্ত সাক্ষাৎকালতে মুখ্যমন্ত্ৰীগৰাকীক আমি শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম।
‘মুখ্যমন্ত্ৰী অসমৰ Boss, তেওঁক নিমন্ত্ৰণ নজনালে কেনেকৈ হ’ব’ বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে হাগ্ৰামাই।
উল্লেখ্য যে আজি বিটিচিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল কৰে।