নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰীৰ জগন্নাথ ক্ষেত্ৰত সংগীত সূৰ্য জুবিন গাৰ্গ-লৈ শ্ৰদ্ধাৰ্ঘ্য

পুৰীৰ জগন্নাথ ক্ষেত্ৰত সংগীত সূৰ্য জুবিন গাৰ্গ-লৈ শ্ৰদ্ধাৰ্ঘ্য

ওড়িশাৰ বিশ্ব বিখ্যাত জগন্নাথ মন্দিৰৰ অসম পাণ্ডা পৰিয়ালৰ উদ্যোগত অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হিয়াৰ আমঠু, মহান শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা তৰ্পণৰ উদ্দেশ্যে পুৰীৰ অসম যাত্ৰী নিবাস প্ৰাঙ্গনত এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়।

অসম পাণ্ডা শিৱ শঙ্কৰ মহাপাত্ৰৰ পৰিচালনাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন, বিদেহ আত্মাৰ শান্তিৰ বাবে জগন্নাথৰ প্ৰতি প্ৰাৰ্থনা আয়োজন কৰাৰ অসমীয়া কেবাগৰাকীও ব্যক্তিয়ে প্ৰয়াত জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টিৰ বিষয়ে আলোকপাত কৰে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ ছেপ্টেম্বৰ

You might also like