নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আলোড়ন ধুবুৰীৰ সঞ্জীব বসাকৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, 30 ছেপ্টেম্বৰ:প্ৰতি বছৰৰ দৰে এইবেলিৰ দুৰ্গাপূজাতো ধুবুৰীৰ স্থানীয় শিল্পী সঞ্জীব বসাকৰ এটি অভিনব দুৰ্গা প্ৰতিমাই ৰাইজৰ মাজত সৃষ্টি কৰিব পাৰে আলোড়নৰ। বিগত প্ৰায় ৩ মাহৰ পৰিশ্ৰমৰ অন্তত নানা বৰণীয়া মণিৰে (beads) এক দৃষ্টিনন্দন দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে তেওঁ। ২০ কেজি মণিৰে নিৰ্মিত এই প্ৰতিমাটো ধুবুৰীৰ চয়ৰমেন ৰোডৰ স্পোৰ্টিং ক্লাবৰ পূজা মণ্ডপত প্ৰদৰ্শিত কৰা হ’ব বুলি জনাইছে শিল্পীগৰাকী। উল্লেখ্য যে, পেছাত চৰকাৰী চাকৰিয়াল সঞ্জীব বসাকে দীৰ্ঘ বহু বছৰৰ পৰাই দূৰ্গা পূজাত অভিনৱ দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰি আহিছে। বিগত বৰ্ষৰ পূজাতো ২ লাখ বুটামেৰে (কাপোৰত লগোৱা) এক অভিনব দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰি ৰাইজৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তেওঁ। উল্লেখ্য যে,  ধুবুৰী চহৰৰ বালুৰচৰ অঞ্চলৰ বাসিন্দা বসাকে   ২০১৬ চনত  থাৰ্মক’লেৰে নিৰ্মাণ কৰা ৪৮ ফুট উচ্চতাৰ এটি দুৰ্গা প্ৰতিমা প্ৰদৰ্শিত হৈছিল গুৱাহাটীৰ পাণবজাৰৰ পূজা মণ্ডপত। 

নিয়মীয়া বার্তা, ধুবুৰী, 30 ছেপ্টেম্বৰ

You might also like