নিয়মীয়া বাৰ্তা, বৰপথাৰ, ২ অক্টোবৰ : বৰপথাৰত দিনকদিনে চুৰিকাণ্ড বৃদ্ধি পাবলৈ ধৰিছে ৷ নৱমীৰ নিশা বৰপথাৰ থানাৰ অন্তৰ্গত দুই পৃথক স্থানত চোৰে চলালে চাফাই অভিযান ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ছেৱাগুৰি গাঁৱৰ বাসিন্দা তথা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গুণীন শইকীয়াৰ বাসগৃহ, বৰপথাৰ পৌৰসভাৰ ৯নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ দেৱজিৎ সেন আৰু তেওঁৰ ভাতৃৰ গৃহত চোৰে চুৰিকাৰ্য সংঘটিত কৰে ৷
উল্লেখযোগ্য যে চোৰৰ দলটোৱে লকাৰ ভাঙি প্ৰায় ১৫ লাখ টকাৰ সোণৰ আ-অলংকাৰৰ লগতে প্ৰায় ১ লাখতকৈও অধিক নগদ ধন চুৰি কৰি নিয়ে ৷ একে কায়দাৰে চুৰিকাৰ্য সম্পাদন কৰা দেখি স্থানীয় ৰাইজে এটা চোৰৰ দলেই তিনি স্থানত চুৰিকাৰ্য সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
উল্লেখযোগ্য যে পূজা উপভোগ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ সুযোগ গ্ৰহণ কৰিলে চোৰৰ দলটোৱে ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত বৰপথাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
ইফালে, কিছুদিন পূৰ্বে বৰপথাৰ নগৰতো কেইবাটাও চুৰিকাৰ্য সংঘটিত হৈছিল যদিও আজিপৰ্যন্ত চোৰৰ কোনো শুংসূত্ৰই নাপালে বৰপথাৰ আৰক্ষীয়ে ৷ আনহাতে, এটা মাহ সম্পূৰ্ণ নৌহওঁতেই এনেদৰে সঘনাই চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে আজিপৰ্যন্ত চোৰক কৰায়ত্ত কৰিব নোৱাৰা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
প্ৰেৰক বেদান্ত ভাৰ্গৱ বৰা