নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰৰ খবৰ ল’বলৈ চি আই ডিৰ কাৰ্যালয়ত শ্যামকানুৰ মাতৃ : ভাজি আৰু দালিৰেই পেট পূৰাইছে শ্যামকানুৱে

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : এসময়ত বিলাসী জীৱন কটোৱা দগাবাজ শ্যামকানুৰ বৰ্তমানৰ ঠিকনা চি আই ডিৰ লকআপ। চি আই ডিৰ লকআপত বৰ্তমান দিন-ৰাতি পাৰ কৰা শ্যামকানুৰ বাবে নৰকসদৃশ হৈ পৰিছে এই দিনকেইটা।

লকআপত শ্যামকানুৱে পোৱা নাই নিজৰ প্ৰিয় খাদ্য। এনে পৰিস্থিতিত শ্যামকানুৰ পত্নীয়ে স্বামীৰ বাবে প্ৰতিদিনে খাদ্য ৰান্ধি নিছে যদিও সেয়াও তেওঁক গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই। প্ৰাণৰ শিল্পী জুবিনৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানুৱে খাবলগীয়া হৈছে আৰক্ষীয়ে আগবঢ়োৱা খাদ্য। ভাল দিনত অতি বিলাসী জীৱন কটোৱা শ্যামকানুৱে এতিয়া ভাজি আৰু দালিৰেই নিজৰ পেট ভৰাব লগা হৈছে। স্বামীৰ দুখ সহ্য কৰিব নোৱাৰি শ্যামকানুৰ পত্নীয়ে ৰান্ধি নিয়া খাদ্য এতিয়া পৰি ৰৈছে চি আই ডিৰ মুখ্য কাৰ্যালয়ৰ গেটত।

ইফালে, লকআপত থকা শ্যামকানুক লগ পাবলৈ প্ৰায় প্ৰতিদিনে পত্নীয়ে চি আই ডিৰ কাৰ্যালয়লৈ তাঁতবাটি কাঢ়ি আছে। লগত নিয়ে শ্যামকানুৱে ভাল পোৱা খাদ্য। আৰক্ষীৰ বাধা-নিষেধৰ বাবে যদিওবা সেয়া শ্যামকানুৱে গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ মাজতে শনিবাৰে পুৱাৰ ভাগতে শ্যামকানুক সাক্ষাত কৰিবলৈ চি আই ডিৰ কাৰ্যালয়লৈ আহিল মাতৃ। শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ সৈতে ৰুগীয়া দেহাৰেই চি আই ডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়হি মাতৃ নিৰুপমা মহন্ত।

You might also like