নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই মোৰ মানুহজনক হেৰুৱাইছোঁ, তেওঁক আৰু মই কেতিয়াও ঘূৰাই নাপাওঁ : গৰিমা গাৰ্গ

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওভতাই দিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমাই সাংবাদিকৰ আগত জনোৱা মতে, যিহেতু এতিয়া জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি আছে, সেয়ে তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব বুলিয়েই তেওঁ জুবিনৰ গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওভতাই দিয়ে তদন্তকাৰী বিষয়াক।

গৰিমা শইকীয়া গাৰ্গে কয়- এতিয়া যিহেতু সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে, গতিকে এই সময়ত গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কিবা কাৰণত ৰাজহুৱা হ’লে তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে বুলি ভাবিয়েই মই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলোঁ। লগতে আইনৰ ওপৰত আস্থা থকা বুলি ব্যক্ত কৰি গৰিমাই লগতে কয়- যিহেতু এতিয়া সেয়া মোৰ ব্যক্তিগত সম্পত্তি নহয়, সেয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন আদালত অথবা তদন্তকাৰী বিষয়াৰ সৈতেই থাকক। তদন্ত ভালদৰে হওক। মই আইনৰ কথা বিশেষ নাজানো। এতিয়া তদন্ত প্ৰক্ৰিয়া ভালদৰে আগবাঢ়িছে বুলি বিশ্বাস কৰিছোঁ। প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত কিবাকিবি কথা ওলাইছে। যিসকল দোষী তেওঁলোকে কঠোৰ শাস্তি পাবই লাগিব। তদুপৰি জুবিনৰ এই ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত এছ আই টিক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰে গৰিমাই।

‘মই মোৰ মানুহজনক হেৰুৱাইছোঁ, তেওঁক আৰু মই কেতিয়াও ঘূৰাই নাপাওঁ। কিন্তু তেওঁ উচিত ন্যায় পাবই লাগিব।’- উচুপি উচুপি ক’লে গৰিমাই।

আনহাতে, জুবিন গাৰ্গক বিহ দি হত্যা কৰা সন্দৰ্ভত তেওঁ কয়- শেখৰে যদি এই কথা জানিছিল ইমানদিনে কিয় লুকুৱাই ৰাখিছিল? এইক্ষেত্ৰত দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাবই লাগিব।

You might also like