ইতিহাস ৰচি জাপানত প্রথম মহিলা প্রধানমন্ত্রী ছানাই টাকাইছি
নিউজ ডেস্ক, ৫ অক্টোবৰ : সূর্যোদয়ৰ দেশৰ ৰাজনীতিত সূচনা হ’ল নতুন অধ্যায়৷ ইতিহাস ৰচি জাপানত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হ’ল ছানাই টাকাইছি৷ দেশখনৰ ৰাজনীতিৰ বাঘা বাঘা ৰাজনীতিকক পৰাজিত কৰি জাপানৰ শীর্ষ পদবীত অধিষ্ঠিত হ’ল প্রথমগৰাকী মহিলা৷
কলেজীয়া জীৱনত ড্রামাৰৰ পৰা ৰাজনীতিত প্রৱেশ কৰি উত্থানৰ মাজেদি জাপানৰ প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণৰ দিশে আগবাঢ়িছে৷ ৬৪ বছৰীয়া ছানাই টাকাইছিয়ে সকলো ঠিকে–ঠাকে থাকিলে চলিত মাহৰ মাজতেই বর্তমানৰ প্রধানমন্ত্রী শ্বিগেৰু ইচিবাৰ পৰা দায়িত্ব গ্রহণ কৰিব৷ জনতাৰ আস্থা, দেশৰ সুৰক্ষা, অর্থনৈতিক সমৃদ্ধিকে ধৰি বহুতো কঠিন প্রত্যাহ্বানৰ মাজত প্রথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে ছানাই টাকাইছিৰ কার্যকাল লক্ষণীয় হৈ পৰিব৷
উল্লেখ্য যে কলেজীয়া জীৱনত ড্রামাৰ হিচাপে পৰিচিত ছানাই টাকাইছিয়ে লাহে লাহে ৰাজনীতিত প্রৱেশ কৰে৷ প্রাক্তন ব্রিটিছ প্রধানমন্ত্রী মার্গাৰেট থাছাৰক ৰোল মডেল হিচাপে লোৱা ছানাই টাকাইছিয়ে পুৰুষতান্ত্রিক সমাজত নিজকে লৌহমানৱী হিচাপে প্রতিষ্ঠা কৰিবলৈ কঠিন সময়ৰ সন্মুখীন হৈছিল৷ সম্প্রতি জাপানৰ ক্ষমতাধিষ্ঠিত লিবাৰেল ডেম’ক্রেটিক পার্টী, চমুকৈ এলডিপিত টাকাইছিৰ সমকক্ষ কোনো নেতা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত দলীয় নির্বাচনত টাকাইছিয়ে নিজ দলৰ দুই প্রতিদ্বন্দ্বীক সহজেই পৰাজিত কৰি জাপানৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত হয়৷