বিশেষ বাৰ্তা, ৫ অক্টোবৰ : যোগাযোগ ব্যৱস্থাৰ সমান্তৰালকৈ প্রতিৰক্ষা–নিৰাপত্তা কৌশলগত দিশক নতুন মাত্রা প্রদানেৰে চিৰপ্রৱহমান বুঢ়ালুইতৰ বক্ষ ভেদি নির্মাণ কৰিবলগীয়া ৩৩.৭ কিলোমিটাৰ দৈর্ঘ্যৰ অভিলাষী পথ সুৰংগ প্রকল্প ৰূপায়ণে ইতিবাচক গতি লাভ কৰিছে৷ নুমলীগড়–গহপুৰ সংযোগী প্রস্তাৱিত এই ব্রহ্মপুত্র পথ সুৰংগ প্রকল্পটোৰ বিশদ প্রকল্প প্রতিবেদন (ডিপিআৰ) সাজু কৰি তোলা হৈছে মোদী কেবিনেটৰ অনুমোদনৰ বাবে৷ এক কথাত ক’বলৈ গ’লে, প্রায় ৬ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ প্রকল্পটো কার্যকৰী হোৱাৰ বিষয় চূড়ান্ত পর্যায়ত৷ এতিয়া কেৱল কেন্দ্রীয় মন্ত্রীসভাৰ সেউজ সংকেত বা অনুমোদনৰ অপেক্ষাতহে আছে৷
উল্লেখ্য যে ব্রহ্মপুত্রৰ বুকু খান্দি নির্মাণ কৰিবলগীয়া এই পথ সুৰংগটো কেন্দ্রীয় চৰকাৰৰ এক যুগান্তকাৰী উদ্যোগ৷ কিয়নো পূর্বে উল্লেখ কৰি অহা হৈছে যে ই দেশৰ ভিতৰতে প্রথম৷ এক চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি শীঘ্রে অভিলাষী প্রকল্পটোৰ ডিপিআৰ বিবেচনাৰ বাবে কেন্দ্রীয় কেবিনেটত দাখিল কৰা হ’ব৷ অৱশ্যে এইক্ষেত্রত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া কেন্দ্রীয় কেবিনেটে৷ ব্রহ্মপুত্র নদীপৃষ্ঠৰ তলেৰে নির্মাণ কৰিবলগীয়া ৩৩.৭ কিলোমিটাৰ দৈর্ঘ্যৰ পথ সুৰংগটোৰ অন্তর্ভুক্ত হৈ থাকিব পানীৰ তলৰ অংশৰ লগতে নুমলীগড় আৰু গহপুৰক সংযোগ কৰিবলগীয়া অংশটোও৷ ইয়াৰ শীর্ষ অংশৰ গভীৰতা হ’ব নদীপৃষ্ঠৰ প্রায় ৩২ মিটাৰত৷ যিয়ে নিৰাপত্তা আৰু স্থিতিশীলতা নিশ্চিত কৰিব৷ ৰাষ্ট্রীয় ঘাইপথ–পৰিকাঠামো উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল)ক ইয়াৰ নির্মাণৰ দায়িত্ব দিয়া হৈছে৷
কেন্দ্রীয় পথ পৰিবহণ–ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ে ব্রহ্মপুত্র পথ সুৰংগৰ ডিপিআৰ প্রস্তুত কৰিছে৷ যাৰ কাৰিকৰী মূল্যায়ন ইতিমধ্যে সম্পন্ন হৈছে এনএইচআইডিচিএলৰ অধীনস্থ প্রকল্প মূল্যায়ন–কাৰিকৰী পর্যালোচনা সমিতি (পিএটিএছচি)ৰ দ্বাৰা৷ এই প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত কেন্দ্রীয় কেবিনেটৰ প্রয়োজনীয় অনুমোদন লাভৰ লগে লগে ইয়াৰ নির্মাণকার্য ৫ বছৰৰ ভিতৰত সম্পন্ন হ’ব বুলি আশা কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে এই অভিলাষী প্রকল্পটো বাস্তৱায়িত হোৱাৰ লগে লগে যাতায়াত ব্যৱস্থাৰ সমান্তৰালকৈ আগ্রাসী ৰঙা চীনৰ সীমান্ত সংলগ্ণ অঞ্চলটোৰ প্রতিৰক্ষা–নিৰাপত্তা ব্যৱস্থা কৌশলগতভাৱে উন্নত তথা শক্তিশালী হৈ উঠিব৷ তদুপৰি ইয়াৰ সৈতে জড়িত হৈ থাকিব অসম তথা উত্তৰ–পূর্বাঞ্চলৰ অর্থনীতিৰ বিষয়টোও৷
পৰিৱেশগত অনুমোদন
যিকোনো বৃহৎ পৰিকাঠামোগত প্রকল্প ৰপায়ণৰ ক্ষেত্রত পৰিৱেশগত বিবেচনা বা অনুমোদন লাভ কৰাটো অত্যন্ত গুৰুত্বপূর্ণ৷ ৰাষ্ট্রীয় বন্যপ্রাণী ব’ৰ্ডৰ স্থায়ী কমিটীয়ে ইতিমধ্যে প্রস্তাৱিত ব্রহ্মপুত্র পথ সুৰংগ প্রকল্পটোত অনুমোদন জনাইছে৷ অৱশ্যে ভূমিৰ স্থিতিশীলতা, ভূগর্ভস্থ জলৰ প্রৱাহ, ভূমিকম্পৰ সংবেদনশীলতা আদিৰ ওপৰত ইয়াৰ সম্ভাব্য মূল্যায়নৰ বাবে ৰাষ্ট্রীয় বন্যপ্রাণী ব’র্ডে এক বিজ্ঞানসন্মত অধ্যয়নৰ পৰামর্শ আগবঢ়াইছে৷ বিশেষকৈ পথ সুৰংগটোৰ নির্মাণকার্যই বাস্তুতন্ত্রৰ ওপৰত বিৰূপ প্রভাৱ পেলাব নে নাই, সেয়া নিশ্চিত কৰাৰ বাবে এই অধ্যয়ন অত্যন্ত গুৰুত্বপূর্ণ হ’ব বুলি কোৱা হৈছে৷
কৌশলগত–অর্থনৈতিক প্রভাৱ
নদীপৃষ্ঠ খান্দি পথ সুৰংগ নির্মাণ কৰাটো প্রধানতঃ কৌশলগত–অর্থনৈতিক উভয় দিশৰ বিবেচনাৰ ভিত্তিতেই পৰিচালিত হয়৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, ব্রহ্মপুত্র পথ সুৰংগই অঞ্চলটোৰ প্রতিৰক্ষা–নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰি তুলিব৷ বিশেষকৈ চীন সংলগ্ণ আন্তর্জাতিক সীমান্তৰ ক্ষেত্রত৷ সেইদৰে এই পথ সুৰংগটো নির্মাণৰ আন এক লক্ষ্য হৈছে ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণ উভয় পাৰকে যোগাযোগৰ দিশৰ পৰা অধিক কাষ চপাই অনা৷ যিয়ে অর্থনৈতিক সমৃদ্ধি বৃদ্ধি কৰিব আৰু স্থানীয় জনসাধাৰণৰ যোগাযোগ সুচলতৰ কৰি তুলিব৷ নুমলীগড়–গহপুৰৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগে লগে অর্থনৈতিক কাম–কাজ উজ্জীৱিত হোৱাৰ সমান্তৰালভাৱে ব্যৱসায়–বাণিজ্যৰ সুযোগো বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে৷ তদুপৰি প্রকল্পটো নির্মাণ হৈ থকাৰ সময়ছোৱাত বা তাৰ পাছতো ই কর্মসংস্থাপন সৃষ্টিত অৰিহণা যোগাব, যিয়ে ৰাজ্যখনক অর্থনৈতিকভাৱে শক্তিশালী হোৱাত অৰিহণা যোগোৱাৰ প্রভূত সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে ব্রহ্মপুত্র পথ সুৰংগ বাস্তৱায়িতকৰণে দেশত ভৱিষ্যতে অনুৰূপ পৰিকাঠামো প্রকল্প ৰূপায়ণৰ ক্ষেত্রত এক নজিৰ গঢ়িব পাৰে, যি উদ্ভাৱনী প্র–কৌশল সমাধান আৰু কৌশলগত উন্নয়নৰ ক্ষেত্রত মাইলষ্ট’ন হ’ব৷ এনে প্রেক্ষাপটত অভিলাষী প্রকল্পটোক লৈ কেন্দ্রীয় কেবিনেটে কেনেধৰণৰ সিদ্ধান্ত গ্রহণ কৰে, তাৰ ওপৰতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে৷