আজি ৬ অক্টোবৰ, আহিন মাহৰ ১৯ তাৰিখ
সোমবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : শুভ
মেষ : শত্রু কমিব৷ ঘৰুৱা কামত উন্নতি হ’ব৷ ব্যৱসায় লাভজনক৷ শৰীৰত অলপ কষ্ট অনুভৱ হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
বৃষ : দক্ষতা আৰু সন্মান বৃদ্ধি৷ কর্মত উন্নতি, কিন্তু গোপন শত্রুৰ পৰা সাৱধান৷ শৰীৰ মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
মিথুন : ব্যয় অধিক৷ ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব৷ ভ্রমণত কষ্ট৷ ক্ষোভ–হতাশা আঁতৰিব৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৪৷
কর্কট : কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিব পাৰিব৷ বন্ধুবর্গৰ পৰা সাৱধান হওক। অযথা খৰচ নকৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷
সিংহ : বন্যপ্রাণীৰ পৰা সাৱধান হওক৷ দাম্পত্যত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সৰলতাৰ সুযোগ আনে ল’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
কন্যা : নতুন কর্মসংস্থাপনৰ বাট মুকলি হ’ব৷ গাড়ী–মাটি ক্রয় কৰিব পাৰিব৷ দাম্পত্যত শুভ৷ উগ্র সাহস প্রদর্শন নকৰিব৷ হালধীয়া শুভ ৰং, শুভ সংখ্যা ৮৷
তুলা : কর্ম আৰু আর্থিকত উন্নতি৷ ব্যস্ততা বৃদ্ধি৷ ব্যয় বৃদ্ধি৷ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ শিক্ষার্থীসকলৰ শুভ৷ গুলপীয়া শুভ ৰং, শুভ সংখ্যা ৯৷
বৃশ্চিক : কর্মস্থানত শুভ৷ প্রেমত শুভ৷ পাৰিবাৰিক শান্তি৷ বিদ্যাত মধ্যম৷ শৰীৰৰ প্রতি যত্ন লওক৷ বগা শুভ ৰং, শুভ সংখ্যা ৬৷
ধনু : চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ দুখীয়াক বস্ত্র, অন্ন দান কৰিব৷ অন্ধবিশ্বাস মনত নাৰাখিব৷ উৎকণ্ঠা আঁতৰিব৷ গুলপীয়া শুভ ৰং, শুভ সংখ্যা ২৷
মকৰ : আর্থিকত অসুবিধা হ’ব পাৰে৷ কর্মস্থানত উন্নতি৷ বিদ্যাত শুভ, ক’লা গৰুক ৰুটি খুৱাব৷ কমলা শুভ ৰং, শুভ সংখ্যা ৪৷
কুম্ভ : কর্মত মধ্যম যদিও কিছু সমস্যা থাকিব পাৰে। দাম্পত্য শুভ৷ আর্থিক, সম্পত্তি হানি হ’ব পাৰে৷ মাটিয়া শুভ ৰং, শুভ সংখ্যা ৫৷
মীন : বিদ্যাত মধ্যম৷ শৰীৰ কিছু দুর্বল হ’ব পাৰে৷ মন্দিৰ দর্শন কৰিলে অধিক লাভ হ’ব৷ প্রেমত বাধা৷ ৰঙা শুভ ৰং, শুভ সংখ্যা ১৷