নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত এলিভেটেড কৰিড’ৰ

বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত জীৱ–জন্তুবোৰৰ নিৰাপত্তাৰ বিষয়টো সদায় আলোচনাৰ বিষয় হৈ আহিছিল৷ বিশেষকৈ ঐতিহ্য ক্ষেত্রখনত বন্যপ্রাণী তথা জীৱ–জন্তু বাধাহীনভাৱে চলাচলক লৈ সদায় এক আশংকাৰ সৃষ্টি হয়৷ কিয়নো ৰাষ্ট্রীয় উদ্যানখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্রীয় ঘাইপথটোৱে জীৱ–জন্তুৰ চলাচলত বাধা ৰূপে দেখা দিছে৷ অৱশেষত শাৰদীয় বতৰত অসমবাসীৰ বাবে সুখবৰটো আহিল৷ ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰচ’ৰাত জীৱ–জন্তুৰ অবাধ চলাচল সুনিশ্চিত কৰিবলৈ ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিড’ৰৰ বাবে বিত্তীয় অনুদান আগবঢ়াইছে কেন্দ্রীয় চৰকাৰে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় ঘাইপথ এনএইচ ৭১৫ৰ কলিয়াবৰ–নুমলীগড় অংশৰ সম্প্রসাৰণৰ বাবে যোৱা ১ অক্টোবৰত অনুমোদন জনায়৷ ইয়াৰ লগতে অনুমোদন দিয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মাজেৰে নির্মাণ হ’বলগীয়া ৩৪ কিলোমিটাৰ দৈর্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্রকল্পৰো৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেইদিনাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয় যে এই প্রকল্পই অসমৰ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্র প্রদান কৰিব৷ মানুহ আৰু বন্যপ্রাণীৰ সহাৱস্থানৰ এক নতুন নজিৰ স্থাপন কৰিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰিছে৷ কলিয়াবৰ–নুমলীগড় ৰাষ্ট্রীয় ঘাইপথৰ সম্প্রসাৰণ প্রকল্পৰ অন্তর্গত কাজিৰঙা এলিভেটেড কৰিড’ৰৰ অনুমোদনৰ পদক্ষেপ নিশ্চিতভাৱে যুগান্তকাৰী পদক্ষেপ ৰূপে বিবেচিত হ’ব৷ কাজিৰঙাৰ প্রস্তাৱিত এলিভেটেড কৰিড’ৰৰ জৰিয়তে বনাঞ্চলৰ জীৱ–জন্তুসমূহে বাধাহীনভাৱে চলা–ফিৰা কৰিব পাৰিব৷ তদুপৰি সকলো বতৰতে যান–বাহনৰ অবাধ চলাচল সম্ভৱপৰ হ’ব৷ দেখা যায় নিয়মীয়াভাৱে পথ দুর্ঘটনাত পতিত হৈ কাজিৰঙাৰ বহু জীৱ–জন্তু মৃত্যুমুখত পৰে৷ এতিয়া এই এলিভেটেড প্রকল্পই যান–বাহনৰ সুচল যাতায়াতৰ লগতে পথ দুর্ঘটনাত বন্যপ্রাণীৰ মৃত্যু ৰোধ কৰিব৷ সেইবাবেই হয়তো মুখ্যমন্ত্রী ড০ শর্মাই কাজিৰঙাৰ এলিভেটেড কৰিড’ৰটোক এক গেম চেঞ্জাৰ বুলি অভিহিত কৰিছে৷ বর্তমান কাজিৰঙাৰ মাজেৰে যোৱা যান–বাহনসমূহ ধীৰ গতিৰে যাবলগীয়া হোৱাৰ ফলত এই পথছোৱা অতিক্রম কৰোঁতে যথেষ্ট সময়ৰ প্রয়োজন হয়৷ কিন্তু প্রকল্পটো সম্পূর্ণ হ’লে এই পথছোৱাৰে দ্রুত গতিত যান–বাহন চলাচলত কোনো বাধা নাথাকিব৷ ইয়াৰ বিপৰীতে বন্যপ্রাণীসমূহৰো অবাধ চলাচলৰ ক্ষেত্রত সুবিধা হ’ব৷ ফলত অসমৰ অমূল্য সম্পদ ৰূপে পৰিগণিত জীৱ–জন্তুসমূহৰ সংৰক্ষণ নিশ্চিত হৈ পৰিব৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক বিষয়ৰ কেবিনেট সমিতিয়ে কলিয়াবৰৰ নুমলীগড় ৰাষ্ট্রীয় ঘাইপথৰ সম্প্রসাৰণ প্রকল্পত অনুমোদন জনাইছে৷ এই প্রকল্পৰ অধীনত বর্তমানৰ পথটো ফ’ৰলেন ঘাইপথলৈ উন্নীত কৰা হ’ব আৰু কাজিৰঙাৰ বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কাজিৰঙাৰ ৩৪.৪৫ কিলোমিটাৰৰ এলিভেটেড কৰিড’ৰকে ধৰি মুঠ ৮৫.৬৭৫ কিলোমিটাৰ দৈর্ঘ্যৰ এই প্রকল্পৰ আনুমানিক ব্যয় হ’ব ৬,৯৫৭ কোটি টকা৷ প্রকল্পটোৰ বাবে অনুমোদন জনোৱা প্রধানমন্ত্রী মোদীৰ লগতে কেন্দ্রীয় চৰকাৰ নিশ্চিতভাৱে অসমবাসীৰ ধন্যবাদৰ পাত্র৷ কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে কাজিৰঙাৰ এই ঘাইপথ প্রকল্পটো অসমৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্রত গুৰুত্বপূর্ণ পদক্ষেপ ৰূপে অভিহিত কৰিছে৷ এই প্রকল্পই কেৱল যোগাযোগৰ ব্যৱস্থাৰ উন্নতি ঘটোৱাই নহয়, বন্যপ্রাণীৰ সুৰক্ষাৰ ক্ষেত্রতো এক নতুন মান স্থাপন কৰিব৷ কিয়নো এই প্রকল্পত পৰিৱেশ আৰু বন্যপ্রাণীৰ সুৰক্ষাৰ প্রতি বিশেষ গুৰুত্ব দিয়া হৈছে৷ প্রকল্পটো ইঞ্জিনীয়াৰিং, প্রক্রিউৰমেণ্ট আৰু কনষ্ট্রাকচন (ইপিচি) মডেলৰ অধীনত নির্মাণ কৰা হ’ব৷ তদুপৰি এই প্রকল্পই অসমৰ অর্থনীতি আৰু পর্যটন ক্ষেত্রতো ইতিবাচক প্রভাৱ পেলোৱাটো নিশ্চিত৷ কাজিৰঙাৰ এই নতুন কৰিড’ৰটোৱে গঁড় আৰু বন্যপ্রাণীৰ জীৱন সুৰক্ষিত কৰাৰ লগতে পর্যটকৰ ভ্রমণৰ সময় বহু পৰিমাণে হ্রাস কৰিব৷ তদুপৰি ইক’–টুৰিজিমক উৎসাহিত কৰিব আৰু দর্শনার্থীসকলৰ বাবে ভ্রমণ সহজলভ্য কৰাৰ লগতে বাণিজ্য শিল্পৰ বাবে নতুন সম্ভাৱনা সৃষ্টি কৰিব৷ জীপ ছাফাৰি, হাতী, ছাফাৰি, অর্কিড পার্ক পৰিদর্শনৰ দৰে পৰিৱেশ পর্যটনৰ দিশসমূহে কাজিৰঙালৈ পর্যটকক অধিক আকর্ষিত কৰিব, বাৰিষাকালত অভয়াৰণ্যখনত সৃষ্টি হোৱা বানপানীৰ বাবে বন্যপ্রাণীসমূহে ব্যস্ত ঘাইপথ পাৰ হৈ কার্বি আংলং পাহাৰৰ ফালে যাবলৈ চেষ্টা কৰে৷ ফলত প্রায়ে দুর্ঘটনা সংঘটিত হয় আৰু বহু বন্যপ্রাণীৰ মৃত্যু ঘটে৷ এই সমস্যাসমূহ সমাধানৰ বাবেই প্রকল্পটোৰ যোগেদি ৩৪.৫ কিলোমিটাৰ কৰিড’ৰ নির্মাণ কৰা হ’ব আৰু ৩০.২২ কিলোমিটাৰ পথ উন্নীত কৰি ২১ কিলোমিটাৰ গ্রীনফিল্ড বাইপাছ নির্মাণ কৰিব৷ ইয়াৰ ফলত ৰাষ্ট্রীয় ঘাইপথত যান–জঁট হ্রাস হ’ব আৰু অসমৰ গুৰুত্বপূর্ণ স্থানসমূহলৈ নিৰৱচ্ছিন্ন সংযোগ ব্যৱস্থা নিশ্চিত হ’ব৷ এই প্রকল্পটোৱে দুটা ৰাষ্ট্রীয় ঘাইপথ (এনএইচ–১২৭, এন এইচ–১২৯) আৰু এটি ৰাজ্যিক পথ (এছএইচ–৩৫)ক একীভূত কৰাৰ উপৰি তিনিটা ৰে’লৱে ষ্টেচন (নগাঁও, জখলাবন্ধা, বিশ্বনাথ চাৰিআলি) আৰু তিনিটা বিমানবন্দৰ (তেজপুৰ, লীলাবাৰী, যোৰহাট)ৰ সৈতেও সংযুক্ত হ’ব৷ তদুপৰি ১৫.৪২ লাখ লোকক প্রত্যক্ষ কর্মসংস্থান আৰু ১৯.১৯ লাখ লোকৰ পৰোক্ষ কর্মসংস্থাপন সৃষ্টি কৰিব বুলি আশা কৰা হৈছে৷ ফলস্বৰূপে প্রকল্পটোৱে অসমৰ অর্থনীতিৰ অগ্রগতিক অধিক ত্বৰান্বিত কৰিব৷

You might also like