পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্প
আজিৰে পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্র প্ৰকল্প।
২০২৫- ২৬ বৰ্ষৰ বাবে মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ব্যাঘ্ৰ প্ৰকল্প।
২৮০ বৰ্গ কিলোমিটাৰ জোৰা উদ্যান খনত বৰ্তমান বাঘৰ সংখ্যা প্ৰায় ২৬টা আৰু গঁড় প্ৰায় ১২৫টা আছে। উদ্যান মুকলিৰ পিছতেই ভিতৰৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰিছে পৰ্যটকে৷
পৰ্যটকৰ বাবে জীপ ছাফাৰিৰ সুবিধা উপলব্ধ কৰিছে উদ্যান কৰ্তৃপক্ষই৷ পৰ্যায়ক্ৰমে হাতী ছাফাৰিৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷
ইয়াৰ উপৰি বিভিন্ন পশু পক্ষীৰে পৰিপূৰ্ণ উদ্যানখনলৈ পৰ্যটকসকলক আকৰ্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
যথেষ্টসংখ্যক লোক আৰু প্ৰকৃতি প্ৰেমীৰ উপস্থিতিত উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য বন প্ৰাধিকাৰী বিষয়া বিনয় গুপ্তাই।
নিয়মীয়া বাৰ্তা ডেস্ক, ৬ অক্টোবৰ