নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চমনক উপেক্ষা ছিংগাপুৰৰ প্রবাসী অসমীয়াৰ : হাজিৰ নহ’লে জাৰি হ’ব লুকআউট ন’টিচ

🔹 আজি চিআইডিত হাজিৰ হোৱাৰ ডেডলাইন

ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : প্রিয় শিল্পীৰ মৃত্যুত শোকস্তব্ধ অসমীয়াই আজিলৈকে স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হোৱা নাই৷ প্ৰাণৰ শিল্পী জুবিন গার্গে এই পৃথিৱীৰ পৰা ইমান সোনকালে যে বিদায় ল’ব সেয়া আজিও বহুতৰে বাবে এক নুবুজা সাঁথৰ হৈ পৰিছে৷ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিৰ জৰিয়তে প্রকৃত সত্য উদ্ধাৰৰ বাবে দিনে–নিশাই প্রচেষ্টা অব্যাহত ৰাখিছে৷ প্রকৃততে ১৯ ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত কি এনে ৰহস্যজনক পৰিস্থিতিৰ সৃষ্টি হ’ল যাৰ ফলত অসমীয়াই নিজৰ সম্পদক হেৰুৱাবলগীয়া হ’ল৷ এই উত্তৰ বিচাৰি প্রতিদিনেই ৰাইজে চৰকাৰৰ ওচৰত প্রশ্ণ উত্থাপন কৰি আহিছে৷

প্রিয় শিল্পীগৰাকীৰ মৃত্যুতো যেন অলৰ-অচৰ ছিংগাপুৰৰ তথাকথিত প্রবাসী অসমীয়া৷ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ প্রবাসী অসমীয়াই আয়োজন কৰা য়াট পার্টীত ৰহস্যজনকভাৱে মহাসমুদ্রৰ বুকুত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমীয়াৰ আৱেগ জুবিন গার্গে৷ এই ৰহস্যৰ উত্তৰ বিচাৰি ইতিমধ্যে অসম চৰকাৰে গঠন কৰা এছআইটিয়ে তদন্ত অব্যাহত ৰখাৰ লগতে চিআইডিয়ে ঘটনাটোৰ মূল অভিযুক্ত নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাক গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পিছতে চিআইডিয়ে শিল্পীগৰাকীৰ ঘনিষ্ঠ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু গায়িকা অমৃতপ্রভা মহন্তকো গ্রেপ্তাৰ কৰিছে৷ বিষয়টোক গুৰুত্বসহকাৰে লৈ এছআইটিয়ে চিআইডিৰ জৰিয়তে ছিংগাপুৰৰ ৮জনকৈ প্রবাসী অসমীয়া ক্রমে য়াট পার্টীৰ আয়োজক তন্ময় ফুকন, ছিংগাপুৰ আছাম এছ’চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ, সম্পাদক দেৱজিৎ হাজৰিকা, ৰূপকমল কলিতা, সিদ্ধার্থ বৰা, পৰীক্ষিত শর্মা, সুদীপ চেটার্জী আৰু ৱাজিদ ৰহমানক আজিৰ ভিতৰত উলুবাৰীৰ চিআইডিৰ মুখ্য কার্যালয়ত হাজিৰ হোৱাৰ চমন জাৰি কৰিছিল৷

২৭ ছেপ্টেম্বৰতে চিআইডিয়ে চমন জাৰি কৰাৰ লগতে ৬ অক্টোবৰ অর্থাৎ আজিৰ ভিতৰত হাজিৰ হোৱাৰ অন্তিম তাৰিখ নির্ধাৰণ কৰিছিল৷ কিন্তু চিআইডিৰ চমনক লৈ বর্তমানলৈকে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ছিংগাপুৰৰ তথাকথিত ৮গৰাকী প্রবাসী অসমীয়াই৷ প্রিয় শিল্পীৰ মৃৃত্যুৰ পাছত বিভিন্নজনে সামাজিক মাধ্যমযোগে শোক প্রকাশ কৰি পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰিছে৷ কিন্তু আশ্চর্যজনকভাৱে আজি পর্যন্ত ছিংগাপুৰৰ উক্ত ৮গৰাকী প্রবাসী অসমীয়াই শিল্পীগৰাকীৰ মৃত্যুক লৈ সংবাদ মাধ্যমতো দূৰৰেই কথা, সামাজিক মাধ্যমতো এটা শব্দও প্রকাশ কৰা নাই৷ ছিংগাপুৰৰ প্রবাসী অসমীয়াকেইজনৰ এইধৰণৰ ব্যৱহাৰে অসমবাসীৰ লগতে এছআইটিৰ সদস্যসকলকো হতভম্ব কৰি তুলিছে৷

উল্লেখ্য যে ১৯ ছেপ্টেম্বৰৰ দিনাখন প্রকৃততে ছিংগাপুৰৰ মহাসাগৰৰ বুকুত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া প্রবাসী অসমীয়া ৮গৰাকীয়েহে ভালদৰে ক’ব পাৰিব৷ এছআইটিৰ লগতে অসমবাসী ৰাইজেও সম্প্রতি ছিংগাপুৰৰ প্রবাসী অসমীয়াৰ পৰা এই সন্দর্ভত সদুত্তৰ বিচাৰিছে৷ কিন্তু ৰাইজৰ উৎকণ্ঠা দূৰ কৰাটো পিছৰে কথা, ৮গৰাকী প্রবাসী অসমীয়াই গ্রহণ কৰা এনে পলায়নবাদী মনোভাবে এতিয়া কথাবোৰ অধিক ৰহস্যঘন কৰি তুলিছে৷ প্রশ্ণ উঠিছে- যদিহে তেওঁলোক সঁচাকৈয়ে নির্দোষী তেন্তে শিল্পীগৰাকীৰ মৃত্যু হোৱাৰ আজি ১৭ দিন উকলি যোৱাৰ পাছতো কিয় এটা শব্দও উচ্চাৰণ কৰা নাই তেওঁলোকে?

উল্লেখ্য যে আজিৰ ভিতৰত যদিহে উক্ত ৮গৰাকী অসমীয়াই চিআইডিৰ চমনমর্মে উলুবাৰীৰ মুখ্য কার্যালয়ত উপস্থিত নহয়, তেন্তে পৰৱর্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে লুকআউট ন’টিচ জাৰি কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্রহণৰ হুংকাৰ দিছিল এছআইটিয়ে৷ শেহতীয়াকৈ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, ছিংগাপুৰৰ আছাম এছ’চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ আৰু য়াট পার্টীৰ আয়োজক তন্ময় ফুকনে এছআইটিক যোগাযোগ কৰি তদন্তত সহায় কৰাৰ আশ্বাস দিছে৷ অৱশ্যে আজিৰ ভিতৰত তেওঁলোকে জেৰাত উপস্থিত হ’ব নে নাই, সেয়া স্পষ্টকৈ সদৰী কৰা নাই সূত্রটোৱে৷ যদিহে লুকআউট ন’টিচ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ জৰিয়তে উক্ত ৮জন প্রবাসী অসমীয়াৰ বিৰুদ্ধে জাৰি কৰা হয়, তেন্তে ছিংগাপুৰৰ পৰা আন বিদেশী ৰাষ্ট্রলৈ যোৱাৰ সময়ত তেওঁলোকক উক্ত ৰাষ্ট্রৰ আৰক্ষী প্রশাসনে গ্রেপ্তাৰ কৰি ভাৰত চৰকাৰলৈ প্রত্যাৱর্তন কৰিব বুলি সূত্রটোৱে জানিবলৈ দিছে৷

প্রিয় শিল্পীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত ছিংগাপুৰ প্রশাসনৰ তৰফৰ পৰা কোনোধৰণৰ ৰাজহুৱা বক্তব্য বর্তমানলৈকে জাৰি নকৰাৰ পাছত ৰাজ্যৰ স্বেচ্ছাসেৱী সংগঠন নর্থ–ইষ্ট ইক’ ডেভেলপমেণ্ট ছ’চাইটী, চমুকৈ নীডছে ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তলৈ এক পত্র প্রেৰণ কৰিছে৷ উক্ত পত্রযোগে ৫টাকৈ গুৰুত্বপূর্ণ প্রশ্ণ উত্থাপন কৰিছে সংস্থাটোৱে৷ সংস্থাটোৰ সম্পাদক বিশ্বজিৎ শইকীয়াই এক বিবৃতিযোগে কয় যে ছিংগাপুৰ আৰক্ষীয়ে শিল্পীগৰাকীৰ মৃত্যুক লৈ সংগ্রহ কৰা তথ্য–প্রমাণসহ ৰাজহুৱাভাৱে এক বক্তব্য যিকোনো মাধ্যমযোগে প্রেৰণ কৰক৷ ছিংগাপুৰ প্রশাসনে নিজৰ স্থিতি স্পষ্ট কৰিলেহে অসমৰ ৰাইজ আশ্বস্ত হ’ব৷

মন কৰিবলগীয়া যে একমাত্র বিনোদনৰ স্বার্থতে প্রিয় শিল্পীগৰাকীৰ শাৰীৰিক অৱস্থাকো নস্যাৎ কৰি গভীৰ সাগৰৰ বুকুলৈ নিয়াত অগ্রণী ভূমিকা লোৱা ৮গৰাকী প্রবাসী অসমীয়াই শিল্পীগৰাকীয়ে পানীত অসুস্থ হৈ পৰা মুহূর্তত সহায় কৰাটো দূৰৰে কথা, হাঁহি–খিকিন্দালিৰে দৃশ্য উপভোগ কৰিহে আছিল৷ শেহতীয়াকৈ শিল্পীগৰাকীৰ ঘনিষ্ঠ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে বিহপান কৰোৱাই হত্যা কৰাৰ বিস্ফোৰক স্বীকাৰোক্তি এছআইটিৰ সন্মুখত দিছে৷ অসমবাসী ৰাইজে এই সকলোখিনি জনাৰ পাছত এতিয়া মাথোঁ ছিংগাপুৰৰ ৮ প্রবাসী অসমীয়াৰ পৰা এটাই উত্তৰ বিচাৰিছে- প্রকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল? শিল্পীগৰাকীৰ সহধর্মিণী গৰিমা শইকীয়া গার্গেও প্রকৃত সত্য সদৰী কৰিবলৈ ছিংগাপুৰৰ প্রবাসী অসমীয়াক আহ্বান জনাইছে৷ ৰাজ্যৰ মুৰব্বী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ছিংগাপুৰৰ ৮ প্রবাসী অসমীয়াৰ স্বীকাৰোক্তি অবিহনে প্রকৃত সত্য এতিয়াও ধূসৰ বুলি মন্তব্য কৰিছে৷ গতিকে ইমানখিনি আহ্বানৰ পাছতো বর্তমানলৈকে ছিংগাপুৰৰ তথাকথিত ৮গৰাকী প্রবাসী অসমীয়াই অসমৰ সম্পদৰ ৰহস্যজনক মৃত্যুক লৈ গ্রহণ কৰা অস্বাভাৱিক মৌনতাই প্রতিটো মুহূর্ততে বহু প্রশ্ণৰ উদ্রেক ঘটাইছে৷ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে সঁচাকৈয়ে প্রাণৰ শিল্পীগৰাকীৰ সৈতে কিবা এটা বৃহৎ ষড়যন্ত্র ছিংগাপুৰৰ সমুদ্র বক্ষত হৈছিল নেকি? এই উত্তৰ যেতিয়াই নহওক, ছিংগাপুৰৰ ৮ প্রবাসী অসমীয়াই অসমবাসী ৰাইজক দিবই লাগিব– এয়া ৰাইজৰ দাবী৷

You might also like