পূজা মণ্ডপত যুৱতীক যৌ*ন নিৰ্যাতন : শিলচৰ-ত গ্ৰেপ্তাৰ চাৰি যুৱক, জে’ললৈ প্ৰেৰণ
বিজয়া দশমীৰ দিনা শিলচৰ উল্লাছকৰ দত্ত সৰণীৰ দুৰ্গাপূজাৰ মণ্ডপত সংঘটিত হৈছিল ভয়ংকৰ এই ঘটনা। অভিযোগ মতে, স্থানীয় এগৰাকী যুৱতীক মণ্ডপৰ ভিতৰত সুৰামত্ত অৱস্থাত অৰিন্দম চৌধুৰী, অনিৰ্বাণ চৌধুৰী, সুমিত ৰায় আৰু দেবাতানু ৰাহা নামৰ স্থানীয় চাৰি যুৱকে যৌ*ন নিৰ্যাতন চলায়।
ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ ভাতৃয়ে ঘটনাৰ প্ৰতিবাদ কৰিলে তেওঁকো চাৰি যুৱকে মাৰপিট কৰে।
ঘটনাৰ পাছত ভুক্তভোগী যুৱতীৰ পৰিয়ালে শিলচৰ সদৰ আৰক্ষী চকীত চাৰি যুৱকক অভিযুক্ত কৰি এটা গোচৰ ৰুজু কৰে৷
ঘটনাৰ তদন্তত অভিযুক্ত চাৰি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। ধৃত আটাইকেইজনৰ ঘৰ শিলচৰ চহৰৰ জেল ৰোডত বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৬ অক্টোবৰ