নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত চাইবাৰ অপৰাধী আনিচুজ, আপত্তিজনক নথিসহ বেংক পাছবুক, চেক জব্দ

মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী আনিচুজ জামান। আনিচুজ জামানৰ ঘৰ মৈৰাবাৰী থানা এলেকাৰ পলাহজুৰি গাঁৱত।

দেওবাৰে মৈৰাবাৰী থানাৰ পৰা যোৱা আৰক্ষীৰ অভিযানকাৰী দল এটাও পলাহজুৰি গাঁৱৰ নিজা গৃহৰ পৰা কৰায়ত্ত কৰে চাইবাৰ অপৰাধীটোক। চাইবাৰ অপৰাধীটোৰ কবলৰ পৰা আৰক্ষীৰ দলটোৱে ৩৫খন সক্ৰিয় চিমকাৰ্ড, ৭টা মবাইল ফোন, ১৩খন এটিএম কাৰ্ড, ২খন নকল পানকাৰ্ড, স্কেনাৰ মেচিন ৩টা, ১টা কম্পিউটাৰ হাৰ্ড ডিস্ক, উৎকৰ্ষ বেংক, কটাক মহিন্দ্ৰা বেংক, বন্ধন বেংক, ইণ্ডাছইণ্ড বেংক, জন বেংক, এক্সিছ বেংক, ইয়েছ বেংক, ইণ্ডিয়ান অভাৰ্ছিছ বেংক আৰু উজ্জীৱন বেংকৰ বহুতো চেক বুক, পাচবুক জব্দ কৰিবলৈ সক্ষম হয়।

আনিছুজ জামানৰ কৰায়ত্ত মৈৰাবাৰী আৰক্ষীৰ সাফল্য হিচাপে বিবেচিত হৈছে। বৰ্ত্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে ধৃত চাইবাৰ অপৰাধীটো।

নিয়মীয়া বাৰ্তা,  মৈৰাবাৰী, ৬ অক্টোবৰ

You might also like