নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ হাতত বিধ্বস্ত পাকিস্তান : মহিলা বিশ্বকাপত টীম ইণ্ডিয়াৰ আধিপত্য

নিউজ ডেস্ক, ৬ অক্টোবৰ : ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ পৰাজয়ৰ ধাৰা অব্যাহত আছে৷ সদ্যসমাপ্ত এছিয়া কাপত ভাৰতৰ হাতত পাকিস্তানৰ পুৰুষ দলটো পৰাজিত হোৱাৰ পিছত কালি মহিলা বিশ্বকাপৰ এখন মেচত ৮৮ ৰানত পৰাজিত হয় পাকিস্তান দলটো৷

কলম্বোৰ প্রেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত জয়লাভ কৰি বেটিঙৰ আমন্ত্রণ লাভ কৰা ভাৰতে নির্ধাৰিত ৫০ অভাৰত ২৪৭ ৰান সংগ্রহ কৰে৷ অপেনাৰ প্রতীকা ৰাৱাল (৩১) আৰু স্মৃতি মান্ধানা (২৩)ই সুন্দৰ আৰম্ভণি দিয়াৰ পিছত হার্লিন দেউলে ৪৬ ৰানৰ এটি সুন্দৰ ইনিংছেৰে ভাৰতক শক্তিশালী স্থিতিত উপনীত কৰায়৷ দলটোৰ হৈ জেমিমা ৰড্রিগেজে ৩২, দীপ্তি শর্মাই ২৫, স্নেহ ৰাণাই ২০ আৰু ৰিছা ঘোষে অপৰাজিত ৩৫ ৰান সংগ্রহ কৰে৷ পাকিস্তানৰ ডায়েনা বেগে সর্বাধিক চাৰিটা উইকেট দখল কৰে৷

প্রত্যুত্তৰত পাকিস্তানে ৪৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্রহ কৰে৷ দলৰ হৈ দর্শনীয় বেটিঙেৰে ছিদ্রা আমিনে সর্বাধিক ৮১ ৰান সংগ্রহ কৰে৷ নাটালিয়া পাৰভেজে দ্বিতীয় সর্বোচ্চ ৩৩ ৰান কৰে৷ কিন্তু ছিদ্রা আৰু নাটালিয়াৰ বিদায়ৰ পিছতে পাকিস্তানৰ বিজয়ৰ আশা নির্বাপিত হয়৷ ভাৰতৰ হৈ ক্রান্তি গৌৰ আৰু দীপ্তি শর্মাই তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰাণাই দুটা উইকেট দখল কৰে৷ এই বিজয়ৰ লগে লগে ভাৰতে পাকিস্তানৰ বিপক্ষে খেলা ১২খন মেচৰ আটাইকেইখনতে বিজয়ী হয়৷

You might also like