নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি আৰম্ভ ‘অৰুণোদয় 3.0’ : সামৰি ল’ব ৩৮ লাখৰো অধিক মহিলাক

ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হল ‘অৰুণোদয় 3.0’। গুৱাহাটীৰ খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰে। অৰুণোদয় 3.0ৰ জৰিয়তে লাখ লাখ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। উল্লেখ্য যে প্ৰতিমাহৰ প্ৰথম দিনাই হিতাধিকাৰী মহিলাৰ একাউন্টত সোমাব ১২৫০ টকা।

আজি অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীয়ে মুকলি কৰে আঁচনিখন। অৰুণোদয় 3.0 আঁচনিখনে ৰাজ্যৰ ৩৮ লাখৰো অধিক মহিলাক সামৰি ল’ব।

ইফালে অৰুণোদয় 3.0 আঁচনিৰ ধন লাভ কৰা মহিলাৰ বক্তব্য-  ‘অৰুণোদয়ৰ ধন পালে আমাৰ বহুতখিনি সুবিধা হয়। ল’ৰা-ছোৱালীৰ অসুখ হলে ঔষধ অনাত আমাৰ সুবিধা হয়। অৰুণোদয়ৰ ধনেৰে ঘৰৰ বজাৰ আনিব পাৰো, বহুত সকাহ হয়।

ধুবুৰীত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভক লৈ উছৱমুখৰ পৰিৱেশ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ অক্টোবৰঃ মহিলা সৱলীকৰণৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আঁচনি অৰুণোদয় ৩.০ৰ আজি শুভাৰম্ভ ঘটে। সেইমৰ্মে বিটিএডিক এৰি সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰিও ধুবুৰী জিলাৰ সৰ্বমুঠ ১০৪১টা বুথতো আজি অৰুণোদয় ৩.০ আঁচনিখনৰ শুভাৰম্ভ হয়। উল্লেখ্য যে, এইবেলিৰ অৰুণোদয় ৩.০ আঁচনিৰ জৰিয়কে জিলাখনৰ সৰ্বমুঠ ১ লাখ ৩৭ হাজাৰ ৭৯২ গৰাকী মহিলা হিতাধিৰাকীক সাঙুৰি লোৱা হৈছে। এইবেলি অৰুণোদয় ৩.০ৰ শুভাৰম্ভ নিজৰ নিজৰ গৃহৰ সমীপৱৰ্তী বুথে বুথে অনুষ্ঠিত কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি জনোৱা পোৱা যায় ধুবুৰী চহৰৰ হিতাধিকাৰীসকলে।

 “আমি ঘৰৰ কাম-কাজ, ৰন্ধা-বঢ়া আদিত ব্যস্ত থাকোঁ। সেয়ে ঘৰ এৰি দূৰলৈ যোৱা অসুবিধা। দূৰলৈ যাবলৈ অহা-যোৱা কৰা, সন্তানক লগত লৈ যোৱা, স্বামীক কোৱা আদি ইত্যাদি বহু অসুবিধা থাকে। কিন্তু এইবাৰ ঘৰৰ কাষতে থকা গাৰ্লচ স্কুলৰ বুথত দিছে। মই, আঁচনিখনৰ বাবে নিৰ্বাচিত ওচৰ-চুবুৰীয়াৰ সৈতে আহিছে৷। বহু সুবিধা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মহিলাসকলৰ সুবিধা-অসুবিধাখিনি যে বুজে এয়া তাৰেই প্ৰমাণ। তেখেতলৈ অশেষ ধন্যবাদ থাকিল।” এইদৰেই আঁচনিখনক নিজৰ উৎফুল্লতা প্ৰকাশ কৰে ধুবুৰীৰ এগৰাকী হিতাধিকাৰী মীৰা চৌধুৰী নামৰ এগৰাকী হিতাধিকাৰীয়ে। “চাওক,কংগ্ৰেছেই হোক বা অইন কোনো চৰকাৰে; কোনো এখন চৰকাৰে আমাৰ বাবে চিন্তা কৰা নাছিল। কিন্তু, হিমন্ত মামাই আমাৰ বাবে বহুত কৰিছে; সদায় মহিলাসকলক অগ্ৰাধিকাৰ দিছে। প্ৰধানমন্ত্ৰী মোদীজি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমি আজীৱন ঘৰুৱা হৈ থাকিম।” এই ভাষ্য ধুবুৰীৰ আন এগৰাকী হিতাধিকাৰী লক্ষী দাসৰ। এইদৰেই শাৰদীয় দুৰ্গোৎসৱৰ উছাহ মাৰ নেযাওঁতেই আন এক উছৱমুখৰ পৰিৱেশৰ মাজেৰে আজি ধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে আজি শুভাৰম্ভ ঘটে অৰুণোদয় ৩.০ আঁচনিখনৰ।

 

You might also like