নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰি বিভীষিকা সৃষ্টি কৰা লুইতৰ খহনীয়াৰ পৰা পৰিত্ৰাণ পালে লাহৰীঘাটবাসীয়ে

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৭ অক্টোবৰ : এছিয়ান ডেভেলপমেন্ট বেংকৰ খহনীয়া প্ৰতিৰোধী আঁচনিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে লাহৰীঘাটবাসীলৈ। ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত এছিয়ান ডেভেলপমেন্ট বেংকে লাহৰীঘাটত অব্যাহত থকা বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় ৪৫০ কোটিটকীয়া আঁচনিৰ প্ৰথম পৰ্যায়ত কাঠনীৰ পৰা ভূৰাগাঁৱৰ দীঘলীআটিলৈ বিপজ্জনক অঞ্চলসমূহত ৰূপায়ণ কৰিছিল। এডিবিৰ খহনীয়া প্ৰতিৰোধী জিঅ’ বেগৰ আঁচনি ৰূপায়ণ হোৱাত খহনীয়াৰ পৰা ৰক্ষা পৰিছে অঞ্চলসমূহ।

উল্লেখ্য যে বছৰ বছৰ ধৰি মৰিগাঁও জিলাৰ উত্তৰাঞ্চল লাহৰীঘাটৰ বৃহত্তৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰি হাজাৰ হাজাৰ পৰিয়ালক সৰ্বস্বান্ত কৰিছিল। বিগত দুকুৰি বছৰ ধৰি অব্যাহত থকা লুইতৰ বিধ্বংসী খহনীয়াৰ কবলত পৰি শতাধিক ৰাজহ গাঁও জিলাখনৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈছে। হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি খহনীয়াত লুইতৰ বুকুত জাহ গৈছে। লুইতৰ এই বিধ্বংসী খহনীয়াত লাহৰীঘাটৰ বহু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বিলীন হৈছে। বহু লাখপতি-কোটিপতি লোক নিশাৰ ভিতৰত খহনীয়াত সৰ্বস্ব হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হৈছিল। প্ৰত্যেক বছৰে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে নৈপৰীয়া অঞ্চলত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিল। বিগত ৪০ বছৰে দিল্লী-দিছপুৰত বহু চৰকাৰ গ’ল আৰু আহিল, কিন্তু এই বৃহত্তৰ অঞ্চলৰ খহনীয়াৰ দৰে জ্বলন্ত সমস্যা সমাধান কৰিবলৈ কোনো চৰকাৰ আগবাঢ়ি নাহিল। প্ৰত্যেক বছৰে নিজৰ মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈ থাকিল শ শ পৰিয়াল।

শেহতীয়াকৈ চৰকাৰৰ উদ্যোগত এছিয়ান ডেভেলপমেন্ট বেংকৰ সহযোগত বিগত বৰ্ষৰ পৰা লাহৰীঘাটত ৰূপায়ণ হ’ল খহনীয়া প্ৰতিৰোধী জিঅ’ বেগ পিটচিং আঁচনি। যোৱা বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা কাঠনীৰ পৰা ভূৰাগাঁৱৰ দীঘলীআটিলৈ বিপজ্জনক অঞ্চলসমূহত ৰূপায়ণ কৰিলে জিঅ’ বেগৰ আঁচনি । যিসমূহ অঞ্চলত এই আঁচনি ৰূপায়ণ হৈছে সেই অঞ্চলত চলিত বৰ্ষত খহনীয়াৰ পৰা ৰক্ষা পাইছে নৈপৰীয়া ৰাইজ। আঁচনিখন সফল ৰূপায়ণ হোৱা বুলি নৈপৰীয়া ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। চলিত বৰ্ষত লাহৰীঘাটৰ কাঠনিৰ পৰা বৰালিমাৰীলৈকে এনেদৰে জিঅ’ বেগৰ আচঁনি সম্পূৰ্ণৰূপে ৰূপায়ণ হ’লে জিলাখনৰ উত্তৰাঞ্চল সম্পূৰ্ণৰূপে খহনীয়াৰ পৰা ৰক্ষা পৰিব বুলি ধাৰণা কৰিব পাৰি। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এনেধৰণৰ আঁচনি ৰূপায়ণ কৰিলে হয়তো শতাধিক ৰাজহ গাঁও লুইতৰ খহনীয়াৰ পৰা ৰক্ষা পৰিলেহেঁতেন বুলি নৈপৰীয়াই আক্ষেপ প্ৰকাশ কৰে। ইফালে, খহনীয়া প্ৰতিৰোধী আঁচনি সফলভাৱে ৰূপায়ণ কৰাত বৰ্তমানৰ চৰকাৰক প্ৰশংসা কৰিছে নৈপৰীয়া ৰাইজে।

প্ৰেৰক আবুল কালাম

You might also like