কলিয়াবৰ-ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী
- কলিয়াবৰ-ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
- বাইক আৰু ডি আই বাহনৰ মাজত হয় এই মুখামুখি সংঘৰ্ষ
- ডি আই বাহনৰ খুন্দাত চিটিকি পৰে তিনি বাইক আৰোহী
- বিপুল গঞ্জু নামৰ এজন বাইক আৰোহী থিতাতে নিহত হয়।
- গুৰুতৰভাৱে আহত দুই বাইক আৰোহী
- কলিয়াবৰৰ গোমোঠাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা
- কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা অভিমুখী As 25 EC 3226 নম্বৰৰ ডি আই বাহনখনে আন এখন বাহনক অতিক্ৰম কৰিব গৈ প্ৰচণ্ড বেগত খুন্দা মাৰে As 02 X 1432 নম্বৰৰ বাইকখনত
- ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত যুৱক দুজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়
নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ