অ’লাৰ মুখ্য কাৰ্যবাহী বিষয়া ভাৱিশ আগৱালাই নিজৰ এবছৰৰ দৰমহা দান কৰিলে ড্ৰাইভাৰ ফাণ্ডলৈ
নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ সমগ্ৰ দেশতে লক ডাউন অব্যাহত। যাৰ পৰিপেক্ষিতত বন্ধ হৈ পৰিছে জন সাধাৰণৰ জীৱন। তাৰ মাজতেই এপৰ দ্বাৰা চালিত কেৱ সেৱা অলাক চালক সকলৈও
জীৱনলৈ নামি আহিছে ভয়াবহ সংকট। অ’লা চালক সকলৰ ভয়াৱহ সংকটৰ মাজতেই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কৰ্মচাৰী সকলৰ সংকটৰ পৰা ৰক্ষা দিবলৈ গঠন কৰিছে ড্ৰাইভ দা ড্ৰাইভাৰ ফাণ্ড। এই ফাণ্ডটোৰ যোগেদি অ’লা গ্ৰুপৰ পৰা ২০ কোটি টকা সংগ্ৰহ কৰিব আৰু প্ৰতিষ্ঠানটোৰ বিভিন্ন কৰ্মচাৰী সকলক সাহায্য প্ৰদান কৰিব। অলাৰ এই ফাণ্ডলৈ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া ভাৱিশ আগৰৱালাই নিজৰ এবছৰৰ দৰমহা আগবঢ়াইছে।
উল্লেখ্য যে এক লকডাউনৰ সময়ছোৱাত ৰাজহুৱা পৰিবহন ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে।