নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ ভিড-১৯ চিনাক্তৰ বাবে প্ৰশিক্ষণ দিব কুকুৰক

নিয়মীয়া বাৰ্তাঃ ক’ ভিড-১৯ মহামাৰী কিদৰে ৰোধ কৰিব পাৰি তাক লৈ বিজ্ঞানী-চিকিৎসা বিজ্ঞানী গৱেষণাত জড়িত হৈ থকাৰ সময়তে ক’ ভিড-১৯ চিনাক্ত কৰাৰ ক্ষেত্ৰত কুকুৰক প্ৰশিক্ষণ দিব ডাৰহাম বিশ্ববিদ্যালয় আৰু লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰ’পিকেল মেডিচিন(এলএছএইছটিএম)-এ ইংলেণ্ডৰ প্ৰতিষ্ঠান দুটাই গোন্ধৰ জৰিয়তে ক’ ভিড-১৯ত আক্ৰান্তক চিনাক্ত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কুকুৰক প্ৰশিক্ষণ দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মেডিকেল ডিটেকচনৰ ডগৰ জৰিয়তে ক’ ভিড-১৯ চিনাক্ত কৰিব পৰা যাব বুলি উল্লিখিত প্ৰতিষ্ঠান গৱেষকসকল প্ৰায় নিশ্চিত হৈ আছে। কিয়নো প্ৰশিক্ষিত কুকুৰৰ দ্বাৰা মেলেৰিয়া, কৰ্কট, পাৰ্কিনছনকে ধৰি বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীক চিনাক্ত কৰিব পৰা যায়। ক’ ভিড-১৯ত আক্ৰান্ত ৰোগীৰ ছেম্পলৰ পৰা গোন্ধৰ সহায় লৈ কুকুৰে মাৰাত্মক ভাইৰাছটোত আক্ৰান্তক সহজে চিনাক্ত কৰিব পাৰিব। উল্লেখ্য যে ক’ ভিড-১৯ চিনাক্ত কৰাটো এতিয়াও জটিল হৈ আছে আৰু ই ব্যয়বহুল। এনে সময়ত প্ৰশিক্ষিত কুকুৰৰ দ্বাৰা এই ৰোগীক চিনাক্ত কৰিব পাৰিলে ই চিকিৎসা বিজ্ঞানৰ বাবে ইতিবাচক হ’ব। কিয়নো ইয়াপ ব্যয় কম হ’ব, তদুপৰি সহজতে চিনাক্তকৰণ হ’ব।

You might also like