নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ আৰক্ষীৰ লগত ক’ৰোনা হেলমেট

নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ   দেশত এতিয়া লক ডাউন। কিন্ত একাংশ লোকে এতিয়াও পালন কৰা নাই লকডাউন। বিভিন্ন সময়ক বিভিন্ন জনে লক ডাউন ভংগ কৰি ৰাজপথলৈ ওলাই আহিছে কৰবাত যদি আৰক্ষীয়ে প্ৰহাৰ কৰিছে আৰু কৰাবাত আঠু কঢ়াইছে। কিন্তু তাৰ মাজতো যেন লোক সকল সজাগ নহয়। এই বাৰ এক ব্যতিক্ৰম ৰূপে দেখা গল আৰক্ষীক। চেন্নাইৰ আৰক্ষীয়ে পৰিধান কৰিছে ক’ৰোনা হেলমেট। গৌথম নামৰ ব্যক্তিজনে এই হেলমেটো সাজি উলিয়াইছে। গৌথমে কয় যে কোভিদ ১৯ ক জনসাধাৰণে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই। যত আৰক্ষীয়ে দিনে নিশাই লোক সকলক নিজৰ সুৰক্ষাৰ বাবে দায়িত্ব পালন কৰি আছে যাতে এই ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে। এজন আৰক্ষীয়ে এই ক’ৰোনা হেলমেট পৰিধান কৰি কয় যে হেলমেটটো দেখা পাই ৰাইজৰ মাজত কিবা এটা ভাল বাৰ্তা যাব বুলি আশা কৰিব পাৰি। বিশেষকৈ শিশু সকলে এই হেলমেটো দেখা পাই আচৰিত ধৰণে আচৰণ কৰিছে আৰু ঘৰলৈ লৈ যাব বিচাৰিছে।

You might also like