নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকআপত থকা পিশাচকেইটাৰ শাস্তি হ’ব লাগে, দাবী জুবিন-ৰ বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীৰ

  • আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী তথা ঘনিষ্ঠ বন্ধু পাৰ্থ গোস্বামী
  • জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত মন্তব্য কৰাসকললৈ হাতযোৰ কৰি অনুৰোধ পাৰ্থ গোস্বামীৰ৷
  • আপোনালোকৰ হাতত যদি কিবা তথ্য আছে তেনেহ’লে অনুগ্ৰহ কৰি SITক দিয়ক৷ অযথা ফেচবুকত পোষ্ট দি নাথাকিব৷
  • জুবিনৰ চৰিত্ৰৰ ওপৰত মন্তব্য কৰাসকলক তদন্তৰ আওতালৈ অনাৰ দাবী পাৰ্থ গোস্বামীৰ৷
  • জুবিনৰ লগত ঘনিষ্ঠসকলেহে চৰিত্ৰৰ বিষয়ে জানিব। সেয়েহে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে
  • লকআপত থকা পিশাচকেইটাৰ শাস্তি হ’ব লাগে বুলি আশা প্ৰকাশ পাৰ্থ গোস্বামীৰ৷
  • তেওঁলোকক যি শাস্তি দি দিয়ে দিয়ক৷ অনুগ্ৰহ কৰি তেওঁলোকক বচাবলৈ চেষ্টা নকৰিব। পিশাচকেইটাৰ শাস্তি হ’বই লাগিব৷
  • কোনো অধিবক্তাকে পিশাচকেইটাৰ হৈ ওকালতি নকৰিবলৈ অনুৰোধ জনায় পাৰ্থ গোস্বামীয়ে
  • সিহঁতে জুবিনক এডাল লক্ষ্মণৰেখাৰ মাজত ৰাখি থৈছিল৷ যাৰ বাবে আমিও তালৈ যাব নোৱাৰা হৈছিলোঁ।
    উল্লেখ্য যে ইতিমধ্যে লকআপত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত।
  • নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ
You might also like