নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : বিশ্বনাথৰ সাধাৰুত লক্ষ্মীপূজাৰ মেলাত পুৱতি নিশা এজন যুৱকক ছুৰিকাঘাত কৰি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে মৃত যুৱকজন চতিয়াৰ নুৰপুৰৰ টুৱেল আলী বুলি চিনাক্ত কৰা হৈছে৷
কালি নিশা মেলাত সামান্য তৰ্কাতৰ্কিৰ পিছতে পৰিস্থিতি উত্তপ্ত হয় আৰু চতিয়াৰ মিলনপুৰৰ চহৰ আলী নামৰ যুৱকজনে লোকচক্ষুৰ সন্মুখতে টুৱেলক এখন চোকা ছুৰীৰে আক্ৰমণ কৰে৷ সংকটজনক অৱস্থাত টুৱেলক লগৰীয়াই চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ সম্প্ৰতি মৃতদেহ তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে৷ আজি পুৱা হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা ঘেৰাও কৰে শতাধিক লোকে।
অভিযোগ মতে, ছুৰিকাঘাতৰ পিছত প্ৰায় চল্লিশ মিনিট সেই স্থানতে পৰি আছিল টুৱেল। আনকি আৰক্ষী আৰু পূজা পৰিচালনা সমিতিয়ে কোনো ব্যবস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মেলা উপভোগৰ নামত মুক্তভাৱে ছুৰী লৈ লোকচক্ষুৰ সমুখত এজন যুৱকক হত্যা কৰি হত্যাকাৰী নিৰ্বিঘ্নে পলাই যোৱা ঘটনাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগীৰ আত্মীয়।
প্ৰেৰক জয়ন্ত বৰা