বিশেষ বাৰ্তা, ১২ অক্টোবৰ : কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজ মাতৃক চিকিৎসালয়ৰ বিছনাতে ঘুচিয়াই হত্যা কৰে এজন পুত্ৰই। এই ঘটনাই সমগ্ৰ অঞ্চলবাসীক স্তম্ভিত কৰি তুলিছে।
এই জঘন্য ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ত। জিলাখনৰ পাথাৰকান্দি সমষ্টিৰ নলোৱা গাঁৱৰ ৰাজ কুমাৰী সিংহা (৬০) নামৰ বৃদ্ধাগৰাকীক যোৱানিশা ৯ বজাত কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পুত্ৰ সঞ্জীৱ সিংহাই চিকিৎসা কৰোৱাৰ বাবে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাইছিল। চিকিৎসকে চিকিৎসা কৰি তেওঁক তেজ পৰীক্ষাৰ নিৰ্দেশ দিছিল। কিন্তু পুত্ৰ সঞ্জীৱ সিংহাই হঠাতে চিকিৎসালয়ৰ বিছনাতে মাতৃক চৰ-ঘোচা শোধায় । পুত্ৰৰ চৰ-ঘোচাত চিকিৎসালয়ৰ বিছনাত ছটফটাই শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধাগৰাকীয়ে। সেই সময়ত চিকিৎসালয়ৰ নাৰ্ছসকল বৃদ্ধাগৰাকীক বচোৱাৰ বাবে দৌৰি আহে যদিও চিকিৎসকে পৰীক্ষা কৰি মৃত্যু হোৱা বুলি নিশ্চিত হয়। পৰীক্ষা-নিৰীক্ষাৰ পিছত মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসকে।
এই ঘটনাৰ পিছতে খবৰ দিয়া হয় কৰিমগঞ্জ সদৰ আৰক্ষীক। আৰক্ষীয়ে আহি চিকিৎসালয়ৰ পৰা পুত্ৰ সঞ্জীৱ সিংহাক আটক কৰি সদৰ থানালৈ লৈ যায়। পুত্ৰ সঞ্জীৱ সিংহাই কিয় মাতৃক হত্যা কৰিলে সেই বিষয়ে একো জনোৱা নাই। মাতৃ ৰাজ কুমাৰী সিংহাৰ মৃতদেহ বৰ্তমান চৰকাৰী চিকিৎসালয়ত ৰখা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।