নাবালিকাক ধ*ৰ্ষণ : ৰাজদীপক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ
২০২৪ চনৰ ১১ অক্টবোৰ অৰ্থ্যৎ যোৱা বছৰৰ দুৰ্গা পূজাৰ নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। স্থানীয় এগৰাকী নাবালিকা ঘটনাৰ দিনা পুৱা প্ৰাতঃভ্ৰমণত ওলাইছিল।
নাবালিকা ধৰ্ষণৰ অপৰাধত ধৰ্ষণকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। শাস্তিপ্ৰাপ্ত ধৰ্ষণকাৰীৰ নাম ৰাজদীপ দাস বৰভূঞা। ৰাজদীপৰ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধৰ মধুৰাত।
উল্লেখ্য যে ২০২৪ চনৰ ১১ অক্টবোৰ অৰ্থ্যৎ যোৱা বছৰৰ দুৰ্গা পূজাৰ নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। স্থানীয় এগৰাকী নাবালিকা ঘটনাৰ দিনা পুৱা প্ৰাতঃভ্ৰমণত ওলাইছিল। বাগিচাত খোজকাঢ়ি থাকোঁতে পিছপিনৰ পৰা আহি ৰাজদীপ দাস নামৰ যুবকজনে নাবালিকাজনীক অপহৰণ কৰি লৈ যায়। আৰু জংঘলত লৈ গৈ নাবালিকাক জোৰ-জবৰদস্তি ধৰ্ষণ কৰে লম্পট ৰাজদীপ দাসে।
ধৰ্ষণকাণ্ড সংঘটিত কৰা নাবালিকাজনীক জংঘলত পেলাই পলায়ন কৰে ধৰ্ষণকাৰী যুৱকে। ঘটনাৰ পাছত নাবালিকাজনী অৰ্ধউলংগ অৱস্থাত ঘৰত গৈ সকলো ঘটনা জনালে। পৰিয়ালৰ লোকে উধাৰবন্ধ থানাত ৰুজু কৰে এটা গোচৰ ৷ ঘটনাৰ দিনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী ৰাজদীপ দাসক। আৰক্ষীৰ তদন্ত অন্তত আদালতত আৰম্ভ হয় বিচাৰ প্ৰক্ৰিয়া৷
আদালত দীৰ্ঘ ১ বছৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত অভিযুক্ত ৰাজদীপ দাসক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে৷ ধৰ্ষণকাৰী ৰাজদীপক পকচো আইনৰ অধীনত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে। আদালতৰ এই ৰায়দানৰ পাছত ধৰ্ষণকাৰী ৰাজদীপ দাসক আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰেৰণ কৰা হয়।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ