নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ মেনেজাৰ সিদ্ধার্থৰ পানীৰ ফেক্টৰী মহাবীৰ একুৱা ছীল

🔹 বকোৰ চাটাবাৰীত এছআইটিৰ অভিযান

ডিজিটেল ডেস্ক, ১৪ অক্টোবৰ : অসমীয়াৰ আৱেগ জুবিন গার্গক ব্যৱহাৰ কৰি সোঁৱে–বাঁৱে কেৱল মাথোঁ ধন ঘটা মেনেজাৰ সিদ্ধার্থ শর্মা মালিকানাধীন বকোৰ চাটাবাৰীৰ মহাবীৰ একুৱাফেনা নামৰ খোৱাপানীৰ ফেক্টৰীটোত এছআইটিয়ে অভিযান চলায়৷

জানিব পৰা মতে, প্রায় এবছৰ পূর্বে কোম্পানীটো ক্রয় কৰিছিল সিদ্ধার্থ শর্মাই৷ কালি দিনৰ ভাগত দলটোৱে ফেক্টৰীটোত প্রায় ৮ ঘণ্টাজুৰি অভিযান চলাই বিভিন্ন নথি–পত্র তথা সামগ্রী জব্দ কৰে৷ এছআইটিৰ দলটোৱে তদন্তৰ স্বার্থত কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য প্রকাশৰ পৰা বিৰত থাকে যদিও ফেক্টৰীটো ছীল কৰে৷

You might also like