বিটিচি চৰকাৰৰ EMক দায়িত্ব অৰ্পণ CEM হাগ্ৰামা মহিলাৰী-ৰ
BTCপ্রধান হাগ্রামা মহিলাৰীৰ দায়িত্বত PWD, P&RD, বিত্ত বিভাগৰ লগতে ক্রীড়া, সাংস্কৃতিক দপ্তৰকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থাকিব হাগ্ৰামা মহিলাৰী
চমকপ্ৰদ বিজয়েৰে বিটিচি শাসনৰ বাঘজৰী হাতত ললে হাগ্ৰামা মহিলাৰীয়ে। বিপিএফপ্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত ১২ পাৰিষদে বিটিচি ইএম হিচাপে শপত লয়। শপত লোৱাৰ পিছতে বিটিচি চৰকাৰৰ ইএমসকলক দায়িত্বও অৰ্পণ কৰা হয়। সেই অনুসৰি-
- BTCপ্রধান হাগ্রামা মহিলাৰীৰ দায়িত্বত PWD, P&RD, বিত্ত বিভাগৰ লগতে ক্রীড়া, সাংস্কৃতিক দপ্তৰকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থাকিব হাগ্ৰামা মহিলাৰী
- উপ-মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰীক কৃষি বিভাগৰ দায়িত্ব
- মৃত্যুঞ্জয় নাৰ্জাৰীক পৰিবহণ বিভাগৰ দায়িত্ব
- মুনমুন ব্রহ্মক নগৰ উন্নয়নৰ দায়িত্ব
- ৰবিৰাম নাৰ্জাৰীক শিক্ষা বিভাগৰ দায়িত্ব অর্পণ
- দেৰহাছাৎ বসুমতাৰীক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব
- প্রকাশ বসুমতাৰীক সমাজ কল্যাণ বিভাগ অর্পণ
- পানীৰাম ব্ৰহ্মক বন বিভাগৰ দায়িত্ব অর্পণ
- ধীৰাজ বৰগয়াৰী ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব অৰ্পণ
- বেগম আখতাৰা আহমেদক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব অৰ্পণ
- আগাষ্টুশ্ব টিয়াক পশুপালন বিভাগৰ দায়িত্ব অর্পণ
- গণেশ কছাৰীক জনসিঞ্চন বিভাগৰ দায়িত্ব
- লামশ্ৰাও দৈমাৰীক ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ দায়িত্ব
- ফ্ৰেছ মুছাহাৰীক জলসম্পদ বিভাগৰ দায়িত্ব অর্পণ
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ