নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেসময়তে ২০০ তকৈও অধিক চেনেলত প্ৰচাৰিত হৈছিল প্ৰধানমন্ত্ৰীৰ লকডাউনৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৪ মাৰ্চত ক’ভিদ -১৯ ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ ভাষণটো ১৯৭ নিযুত লোকে প্ৰত্যক্ষ কৰিছিল । প্ৰসাৰ ভাৰতীয়ে সদৰী কৰিছে এই তথ্য ।

প্ৰসাৰ ভাৰতীয়ে কয় যে এই সংখ্যা যোৱা বছৰ আই পি এলৰ ফাইনেল প্ৰত্যক্ষ কৰা লোকতকৈয়ো অধিক আছিল ।

উল্লেখ্য যে ২০০ তকৈয়ো অধিক চেনেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা এই লকডাউনৰ বাতৰি প্ৰচাৰিত হৈছিল ।

You might also like