নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বজুৰি অব্যাহত লকডাউনৰ সময়ত হোৱাটছএপৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । হোৱাটছএপৰ লগতে ভিডিঅ’ কলিং এপ্ছ আৰু ছ’চিয়েল নেটৱৰ্কিং ছাইটৰ ব্যৱহাৰো বৃদ্ধি পাই আছে ।
কাণ্টাৰৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত হোৱাটছএপ ব্যৱহাৰ সৰ্বাধিক বৃদ্ধি পাইছে বিগত সপ্তাহটোত ।
প্ৰতিবেদনৰ মতে বিশ্বজুৰি হোৱাটছএপৰব্যৱহাৰ ৪০ শতাংশ বৃদ্ধি পাইছে । লগতে ভিডিঅ’ কলিঙৰ ব্যৱহাৰ ৭০ শতাংশলৈ বৃদ্ধি পাইছে ।
আনহাতে হোৱাটছএপৰ সমান্তৰালকৈ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ ব্যৱহাৰো বৃদ্ধি হৈছে ।