নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ মৃত্যু তদন্ত : ৫ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

আদালতত এই ৫ অভিযুক্তৰ হৈ ওকালতি কৰিবলৈ নোলাল কোনো এগৰাকী উকীল। কিয়নো উকীল সন্থাই জুবিনৰ মৃত্যুত অভিযুক্তৰ হৈ ওকালতি নকৰে বুলি ইতিমধ্যে ঘোষণা কৰিছিল।

ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক।

উল্লেখ্য যে হাতত হেণ্ডকাফ লগাই CJM আদালতলৈ লৈ অনা হ’ল শ্যামকানু-সিদ্ধাৰ্থক,সন্দীপন। লগতে আছে দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশ।

আদালতলৈ অনাৰ সময়ত লাজতে মুখ ঢাকি তত পোৱা নাই শ্যামকানু মহন্তই।

আদালতত এই ৫ অভিযুক্তৰ হৈ ওকালতি কৰিবলৈ নোলাল কোনো এগৰাকী উকীল। কিয়নো উকীল সন্থাই জুবিনৰ মৃত্যুত অভিযুক্তৰ হৈ ওকালতি নকৰে বুলি ইতিমধ্যে ঘোষণা কৰিছিল।

আটাইকেইজনকে বৰ্তমান পাণবজাৰ থানালৈ লৈ যোৱা হৈছে।

আনহাতে একাংশ সংবাদ মাধ্যম, প’ৰ্টেল আৰু ছচিয়েল মিডিয়াত পোষ্টমৰ্টেম ৰিপৰ্ট ফাদিল হৈছে বুলি কৰা বাতৰি ভুৱা। একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা পোষ্ট মৰ্টেম ৰিপৰ্ট সম্পূৰ্ণ ভুৱা। আৰক্ষীৰ ওচৰত থকা পোষ্ট মৰ্টেম ৰিপৰ্ট সম্পূৰ্ণ পৃথক। এই কথা স্পষ্ট কৰিলে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। কোনো লোককে ভুৱা প্ৰচাৰ নচলাবলৈ সকীয়নি অসম আৰক্ষীৰ।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like