নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ৰ দাবীত চৰাইদেউৰ পৰা জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা দুই যুৱকৰ

চৰাইদেউ জিলাৰ লংপতীয়াৰ দুই যুৱকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি  লংপতীয়াৰ পৰা সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা আৰম্ভ কৰিছে। লংপতীয়াৰ বিতোপন গগৈয়ে চলিত মাহতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি যোৰহাটলৈ মাৰাথন দৌৰেৰে প্ৰতিবাদ কৰাৰ পাছতে পুনৰ বিতোপন গগৈয়ে সতীৰ্থ শান্তনু চেতিয়াৰ সৈতে আৰম্ভ কৰিছে পদযাত্ৰা। জুবিনবিহীন এটা মাহ অতিক্ৰম কৰাৰ পাছতো  ন্যায় নোপোৱাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়োৱাৰ দাবীত আৰম্ভ কৰিছে এই পদযাত্ৰা।

ডিজিটেল ডেস্ক, ২১ অক্টোবৰ 

You might also like