জুবিনৰ মৃ্ত্যু তদন্ত : চৰকাৰে ভুল কৰিলেও, ন্যায়পালিকাই ভুল নকৰে
মুখ্যমন্ত্ৰী ড০ হি্মন্ত বিশ্ব শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মন্তব্য কৰি কয় যে চৰকাৰে ভুল কৰিলেও ন্যায় পালিকাই ভুল নকৰে। তেওঁ উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনো শীঘ্ৰে ন্যায়পালিকাৰ হাতত পৰিব।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমবাসীক আহ্বান জনাই কৈছে যে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বস ৰাখিব লাগে। তেওঁ স্পষ্ট কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ FAST TRACK আদালতত শুনানি হ’ব আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে ন্যায়পালিকাৰ নিৰীক্ষণত চলি আছে।
“জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চলি থকা তদন্তৰ ওপৰত আস্থা ৰাখক”- মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনগণক নিৰন্তৰ অৱগত কৰি এই আহ্বান জনায়।
নিয়মীয়া বাৰ্তা ডেস্ক, ২১ অক্টোবৰ