নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

বিগত পৰ্যটন বৰ্ষত বন বিভাগে দেশী পৰ্যটক ২৯,৮৩৪জন আৰু বিদেশী পৰ্যটক ৫৩৭জনৰ পৰা প্ৰায় ৫৩,৫১,৭৫০ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হল পবিতৰা অভয়াৰণ্য। ৰাজ্যৰ বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে পবিতৰা অভয়াৰণ্যখন। এক উদুলি মুদলি পৰিৱেশৰ মাজত বন আৰু পৰ্যটন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ২০২৫-২০২৬ পৰ্যটন বৰ্ষৰ বাবে অভয়াৰণ্যখনৰ মুকলি কৰে।

এইবাৰো অভয়াৰণ্য কৰ্তৃপক্ষই ২০খন জীপেৰে ছাফাৰিৰ ব্যৱস্থা কৰিছে। বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জনাইছে যে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা হাতী ছাফাৰি আৰম্ভ কৰা হ’ব।

মুখ্য পাটোৱাৰীয়ে দ্বাৰ মুকলি কৰি কয় যে “সকলো ৰাইজে অভয়াৰণ্যখন চাবলৈ আহক। ৰাইজ আহিলে অভয়াৰণ্যৰ ৰাজহ বৃদ্ধি পাব আৰু ৰাজহ বৃদ্ধি পালে অভয়াৰণ্যৰ লগতে অঞ্চলটোৰ উন্নয়ন হ’ব। বনকৰ্মীসকলে অহৰহ বন্য জীৱ-জন্তুৰ বাবে কাম কৰি আহিছে।”

উল্লেখ্য যে বিগত পৰ্যটন বৰ্ষত বন বিভাগে দেশী পৰ্যটক ২৯,৮৩৪জন আৰু বিদেশী পৰ্যটক ৫৩৭জনৰ পৰা প্ৰায় ৫৩,৫১,৭৫০ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া যে মাত্ৰ ৩৮ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি থকা পবিতৰা অভয়াৰণ্যত আছে-

  • ১০৬টা গঁড়
  • বিভিন্ন প্ৰজাতিৰ পক্ষী
  • ৫০০ৰো অধিক বনৰীয়া ম’হ
  • সহস্ৰাধিক বনগাহৰি
  • কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু

নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ

You might also like