নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডিলেইডত বিৰল ৰেকৰ্ডৰ অধিকাৰী হিটমেন

দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত ১৫০ ছিক্সাৰ মৰা প্ৰথম এছিয়ান খেলুৱৈ। ইয়ে প্ৰমাণ যে তেওঁক ক্রিকেটত ‘হিটমেন’ বুলি কেৱল নামৰ বাবে নহয়

ৰোহিত শর্মাই এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা দ্বিতীয় এদিনীয়াত ৭৩ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ খেলিলে। ৰোহিত শর্মাই ৯৭ বলত ৭৩ ৰান কৰি ৭৫.২৬ৰ ষ্ট্ৰাইক ৰেটত খেলিছিল। এই ইনিংছত তেওঁ ২ ছিক্সাৰ আৰু ৭ চাৰি মাৰিলে। লগতে এই ইনিংছত ৰোহিতে ৩টা ডাঙৰ ৰেকৰ্ড সৃষ্টি কৰিছে।

পিছ পেলালে সৌৰভ গাংগুলীক
ৰোহিত শর্মাই এদিনীয়াত ভাৰতৰ বাবে সৰ্বাধিক ৰান কৰা খেলুৱৈৰ ক্ষেত্ৰত সৌৰভ গাংগুলীক পিছ পেলাইছে। এতিয়া ৰোহিত এই তালিকাত তৃতীয় স্থানত আছে, গাংগুলী চতুৰ্থ স্থানত। ৰোহিতৰ ওপৰত আছে— শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলি। শচীন তেণ্ডুলকাৰে ভাৰতৰ বাবে এদিনীয়াত ১৮,৪২৬ ৰান কৰিছে। তেওঁ কেৱল ভাৰতৰ নহয়, এদিনীয়াত বিশ্বৰো সৰ্বাধিক ৰান কৰা খেলুৱৈ। বিপৰীতে বিৰাট কোহলিয়ে তালিকাত দ্বিতীয় স্থানত আছে ১৪,১৮১ ৰানেৰে।

প্ৰথম এছিয়ান খেলুৱৈ হিচাপে ছিক্সাৰৰ ৰেকৰ্ড
ৰোহিতৰ এই ৭৩ ৰানৰ ইনিংছত ২টা ছিক্সাৰ মাৰি তেওঁ ছয়ৰ সংখ্যা ১৫০ত লৈ গৈছে। ৰোহিত হৈছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত ১৫০ ছিক্সাৰ মৰা প্ৰথম এছিয়ান খেলুৱৈ। ইয়ে প্ৰমাণ যে তেওঁক ক্রিকেটত ‘হিটমেন’ বুলি কেৱল নামৰ বাবে নহয়।

অষ্ট্ৰেলিয়াত ১০০০ এদিনীয়া ৰান সম্পূৰ্ণ
ৰোহিতে কেৱল ২ ৰান কৰাৰ পাছতেই এটা ডাঙৰ ৰেকৰ্ড নিজৰ নামত কৰিছে। তেওঁ অষ্ট্ৰেলিয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০০০ এদিনীয়া ৰান সম্পূৰ্ণ কৰিছে। অষ্ট্ৰেলিয়াত এই কৃতিত্বৰ পূৰ্বে আন ভাৰতীয় খেলুৱৈ আছে, কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত ১০০০ ৰান কৰাৰ ক্ষেত্ৰত ৰোহিত শর্মাই প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ

You might also like