একমাত্ৰ চৰকাৰী সংস্থা হিচাপে অসমৰ অন্যতম স্বায়ত্তশাসিত পৰিষদ মিচিং স্বায়ত্তশাসিত পৰিষদে বিগত বৰ্ষত ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ সংখ্যক হেয়াৰ টেকনিচিয়ান অৰ্থাৎ চুলি কটোৱা প্ৰশিক্ষণ প্ৰদান কৰি লাভ কৰিলে এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ আনুষ্ঠানিক স্বীকৃতিৰ প্ৰমাণ-পত্ৰ ।
ধেমাজিৰ গোগামুখত অনুষ্ঠিত হৈ থকা তৃতীয় মিচিং ক্ৰীড়া মহোৎসৱৰ বাকৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়াক এই আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান কৰে এছিয়া বুক অৱ ৰেকৰ্ডছৰ শীৰ্ষ বিষয়া সঞ্জয় ভোলাই ৷ এই উপলক্ষে অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত আদৰণী ভাষণত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়াই থলুৱা নিবনুৱা যুৱকসকলক ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে প্ৰদান কৰা চুলি কটোৱাৰ প্ৰশিক্ষণ সম্পৰ্কে বিশেষভাৱে আলোকপাত কৰে আৰু এই স্বীকৃতিয়ে বৃহৎ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়ালটিক অধিক প্ৰেৰণা আগবঢ়াইছে বুলি মন্তব্য কৰে ৷
অনুষ্ঠানৰ মুখ্য অতিথি এছিয়া বুক অৱ ৰেকৰ্ডছৰ শীৰ্ষ বিষয়া সঞ্জয় ভোলাই চৰকাৰী সংস্থা হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদে সোঁতৰ বিপৰীতে গৈ নিবনুৱা যুৱকসকলৰ প্ৰতি আগবঢ়োৱা সহযোগৰ বাবে ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতেও এনেধৰণৰ প্ৰয়োজনীয় প্ৰশিক্ষণ আঁচনি ৰূপায়ণেৰে ঘাইকৈ নিবনুৱা যুৱক-যুৱতীসকলক সকাহ দিবলৈ এম এ চিক আহ্বান জনায় ৷
বিশিষ্ট অতিথিৰ আসনৰ পৰা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই এম এ চিৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকল স্বাৱলম্বী হোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে আৰু এই আঁচনি ৰূপায়ণেৰে এছিয়া আৰু ইণ্ডিয়া ৰেকৰ্ডছ অৱ বুকত এম এ চিয়ে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱাত বৃহত্তৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়ালটিক বিশেষভাৱে ধন্যবাদ জনায় ৷ তেওঁ এম এ চিয়ে বিভিন্ন সময়ত ৰূপায়ণ কৰি অহা স্বাৱলম্বন আঁচনিৰ বিষয়ে উল্লেখ কৰি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ ঘাইকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক পৰামৰ্শ আগবঢ়ায় ৷
প্ৰায় তিনি হাজাৰ লোক উপস্হিত থকা অনুষ্ঠানটিত জোনাই সমষ্টিৰৰ বিধায়ক ভুবন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱ দলে, এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মাজুলীৰ বিধায়ক ভুবন গাম, টি এম পি কেৰ সভাপতি তিলক দলে , টি এম এম কেৰ সভানেত্ৰী ইন্দিৰা কুমাং , ধেমাজি আৰু লক্ষীমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট অতিথিয়ে অংশ লয়। উল্লেখ্য যে মিচিং স্বায়ত্ত শাসিত পৰিষদে জীৱন – জীৱিকা আচঁনিৰ অধীনত দক্ষতা বিকাশৰ জৰিয়তে সংস্থাপিত কৰিবলৈ দুই শতাধিক নিৱনুৱা যুৱকক বিগত বৰ্ষত প্ৰদান কৰিছিল আনুষ্ঠানিক চুলি কটোৱাৰ প্ৰশিক্ষণ । প্ৰশিক্ষণ লাভ কৰাৰ পিছতেই প্ৰশিক্ষাৰ্থীসকলে নিজ নিজ অঞ্চলৰ লগতে বহি: ৰাজ্যত চুলি কটোৱাৰ ব্যৱসায় আৰম্ভ কৰি সম্প্ৰতি স্বাৱলম্বী হৈ উঠিছে ৷ লক্ষ্যণীয় যে চুলি কটোৱাৰ দৰে ব্যতিক্ৰমী ব্যৱসায়ৰ বাবে থলুৱা যুৱকক প্ৰশিক্ষণ প্ৰদানেৰে দক্ষতা বৃদ্ধি কৰি নিবনুৱাসকলক এক সুগম পথ দেখুওৱা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ এই বৃহৎ কৰ্মই এচিয়া আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু সংস্হা দুটাই অৱশেষত ৰেকৰ্ডচৰ বুকত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নাম সংযোজিত কৰি বিৰল সন্মান প্ৰদান কৰে ৷ স্মৰ্তব্য যে এই সন্মানেৰে সন্মানিত হোৱাত বৃহত্তৰ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পৰিয়ালত আনন্দৰ জোৱাৰ উঠাৰ লগতে কৰি তুলিছে অধিক অনুপ্ৰাণিত ৷
নিয়মীয়া বাৰ্তা, ধেমাজি, ২৬ অক্টোবৰ :